নিউজ ডেস্কঃ উত্তৰাখণ্ডত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। মঙলবাৰে পুৱতি নিশা এক বিবাহ অনুষ্ঠানৰ পৰা ঘূৰি অহা বাহন দুৰ্ঘটনাত পতিত হয়। জানিব পৰা মতে, এই দুৰ্ঘটনাত ১৪জন লোকৰ মৃত্যু হৈছে।
দৰাচলতে উত্তৰাখণ্ডৰ চম্পাৱত জিলাৰ ডাণ্ডা এলেকাত মঙলবাৰে পুৱতি নিশা প্ৰায় ৩.২০ বজাত নিয়ন্ত্ৰণহীন হৈ দ’ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত বাহনখনত থকা ১৬জন বৰযাত্ৰীৰ ভিতৰত ১৪জনৰেই মৃত্যু হয়। বাহনখনৰ চালক প্ৰকাশ ৰাম আৰু আন এগৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হৈছে।
ঘটনাস্থলীত উদ্ধাৰকাৰী দল আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই দুয়োকে জীৱন্তে উদ্ধাৰ কৰে আৰু স্থানীয় হাস্পতালত ভৰ্তি কৰায়। চালকজনে আৰক্ষীক জনাই যে, তেওঁলোকে টনকপুৰৰ পঞ্চমুখী ধৰ্মশালাত অনুষ্ঠিত বিবাহ অনুষ্ঠানৰ পৰা ঘৰ অভিমুখে আহি আছিল।