নিউজ ডেস্কঃ কৰোনাৰ ভয়াবহ পৰিস্থিতিয়ে সকলোৰে জীৱন ধাৰণৰ প্ৰণালী সলাই পেলাইছে। মানুহৰ জীৱনশৈলীৰ পৰা আৰম্ভ কৰি বিভিন্ন উৎসৱ-পাৰ্ৱণৰ লগতে বিবাহৰ শৈলীৰো পৰিস্থিতিৰ বাবে সলনি হ’ব ধৰিছে।
সম্প্ৰতি এটা বিবাহৰ বিজ্ঞাপনে সংবাদ জগতৰ শিৰোনাম দখল কৰিছে। এই বিজ্ঞাপনটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
বিজ্ঞাপনটোত স্পষ্টকৈ উল্লেখ কৰিছে দৰাই কৰোনা ভেকচিন গ্ৰহণ কৰা হ’ব লাগিব। ইতিমধ্যে কইনাই কৰোনাৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰিছে।
এই বিজ্ঞাপনটো ছ’চিয়েল মিডিয়াত বহুলোকে শ্বেয়াৰ কৰিছে। কংগ্ৰেছৰ সাসংদ শশী থাৰুৰেও নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰি খুব আমোদজনক এটা কেপচন লিখিছে।
শশী থাৰুৰৰ এই টুইটটোত বিভিন্ন জনে মন্তব্য কৰি নিজৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
কিছুমানে এই বিজ্ঞাপনটো ‘Fake’ বুলিও মন্তব্য কৰিছে।
প্ৰকৃততে এই বিজ্ঞাপনটো সঁচা নে মিছা তাৰ ওপৰত কোনো ধাৰণা কৰিব পৰা নাই যদিও এই বিজ্ঞাপনটোৰ ফটোখন দ্ৰুতগতিত ভাইৰেল হৈছে।
আৰু পঢ়কঃক’ভিড টীকাকৰণৰ প্ৰমাণপত্ৰত বিংসগতি আছে নেকি? শুধৰাব পাৰিব