নিউজ ডেস্ক: দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত বিজেপি কৰ্মীয়ে আক্ৰমণৰ চলোৱাৰ অভিযোগ উঠিছে। ‘দ্যা কাশ্মীৰ ফাইলছ’ ছবিখনক লৈ কিছুদিন পূৰ্বে কেজৰিৱালে কৰা মন্তব্যৰ প্ৰতিবাদত তেওঁৰ ঘৰৰ সন্মুখত আজি বিজেপি কৰ্মীৰ এটা বৃহৎ দলে অপ্ৰিতীকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।
আৰক্ষীৰ উপস্থিতিতে বিজেপি কৰ্মীসকলে এজন মুখ্য মন্ত্ৰীৰ বাসগৃহত আক্ৰমণ চলোৱা কাণ্ডক আম আদমি পাৰ্টিৰ কেইবা গৰাকী জ্যেষ্ঠ নেতাই তীব্ৰ গৰিহণা জনোৱাৰ লগতে আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।
আক্ৰমণকাৰী দলটোৱে হাতে হাতে বিজেপিৰ পতাকা আৰু কেজৰিৱালে কাশ্মীৰী পণ্ডিতক কৰা ‘অপমান’ৰ বিৰোধিতাত প্লে’কাৰ্ড লৈ তেওঁৰ ঘৰৰ সন্মুখত এক হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ লগতো খণ্ডযুদ্ধত লিপ্ত হোৱা দেখা যায়।
দিল্লীৰ উপ মুখ্য মন্ত্ৰী মণীষ শিশোদিয়াই টুইটাৰত ‘বিজেপিৰ গুণ্ডা’ কেজৰিৱালৰ ঘৰত উৎপাত চলোৱাৰ লগতে চিচিটিভি কেমেৰা পৰ্য্ন্ত ভাঙি পেলাই বুলি অভিযোগ কৰে।
আৰক্ষীয়ে জনোৱা মতে আজি দিনৰ প্ৰায় ১১.৩০ বজাত বিজেপি যুৱ মৰ্চাৰ প্ৰায় ১৫০-২০০ সদস্যই কেজৰিৱালৰ ঘৰৰ সন্মুখত উপস্থিত হৈ কিছুদিন পূৰ্বে দিল্লীৰ বিধানসভাত তেওঁৰ ‘দ্যা কাশ্মীৰ ফাইলছ’ সন্দৰ্ভত কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
আৰক্ষীয়ে উক্ত প্ৰতিবাদকাৰী সকলক ঘুৰাই পঠোৱাৰ লগতে প্ৰায় ৭০ গৰাকী প্ৰতিবাদকাৰীক আটক কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে পুনৰ দিনৰ প্ৰায় ১ বজাত কেইগৰাকীমান প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বেৰিকেড পাৰ হৈ মুখ্য মন্ত্ৰীজনৰ ঘৰৰ বাহিৰত উপস্থিত হৈ হৈ-হাল্লা কৰাৰ লগতে গে’টৰ ওপৰত এটা ৰঙৰ বাকচ দলিয়াই থৈ যায়।
লগতে পঢ়ক – বুৰ্খা পৰিধান কৰা মহিলাই চিআৰপিএফ কেম্পলৈ নিক্ষেপ কৰিলে বোমা