নিউজ ডেস্ক : হিন্দী ছবি জগতৰ বিখ্যাত অভিনেতা দিলীপ কুমাৰৰ নিধন। বুধবাৰে হিন্দী ছবি জগতৰ বিখ্যাত অভিনেতা গৰাকীয়ে ৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল দিলীপ কুমাৰ। কেইবাবাৰো অভিনেতা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
হিন্দী ছবি জগতত ‘ট্রেজেদী কিং’ হিচাপে জনাজাত বিখ্যাত অভিনেতা দিলীপ কুমাৰ বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে। ৯৮ বছৰীয়া অভিনেতা গৰাকী দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল। অসুস্থ অভিনেতা গৰাকীক কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
বুধবাৰে পুৱা ৭.৩০ বজাৰ হিন্দী ছবি জগতৰ ‘ট্রেজেদী কিং’ দিলীপ কুমাৰ মুম্বাইৰ খাৰ হিন্দুজা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। অভিনেতা গৰাকীক বিগত এমাহৰ ভিতৰত দুবাৰকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। যোৱা ৫ জুলাই তাৰিখে অভিনেতা গৰাকীৰ টুইটাৰত তেওঁৰ স্বাস্থ্য সম্পৰ্কে এক অপডেট দিয়া হৈছিল।
লগতে পঢ়ক : বিদ্যুতৰ মাচুল অনাদায়; এ পি ডি চি এলৰ ওচৰত ৰাজ্য চৰকাৰৰ ৯৫ কোটি টকাৰ ধাৰ
অভিনেতা গৰাকীৰ পত্নী অভিনেত্ৰী ছায়েৰা বানুৱে ৫ জুলাইত জানিবলৈ দিছিল যে দিলীপ কুমাৰৰ স্বাস্থ্য পূৰ্বৰ তুলনাত বৰ্তমান উন্নত হৈছে বুলি। পত্নীয়ে দুদিন পূৰ্বে অভিনেতা গৰাকীৰ স্বাস্থ্য সম্পৰ্কে ভাল খবৰ দিয়াৰ দুদিন পিছতে অভিনেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
১৯৪৪চনত এই অভিনেতাগৰাকী কাম কৰিছিল প্রথমখন ছবিত। উক্ত চনত ‘জ্বাৰ ভাটা’ নামৰ ছবি খনৰ জৰিয়তে তেওঁ ভৰি থৈছিল বলিউডৰ জগত খনত। তাৰপাছত এখনৰ পাছত আনখন হিট ছবি আৰু নিজৰ অভিনয়ৰ শৈলীৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হয় অভিনেতাগৰাকী। জ্বাৰ ভাটাৰ পাছত তেওঁ মুগল-এ-আজম, দেৱদাস, নয়া দৌৰ, ৰাম আৰু শ্যামৰ দৰে বহু ছুপাৰ হিট ছবিত অভিনয় কৰে।
উল্লেখ্য যে, দিলীপ কুমাৰ নামে বিশ্বজুৰি খ্যাতি লাভ কৰা অভিনেতাগৰাকীৰ প্ৰকৃত নাম মহম্মদ ইউছুফ খান। ১৯২২ চনৰ ১১ ডিচেম্বৰত জম্ম গ্ৰহণ কৰা অভিনেতাগৰাকীক ১৯৯১চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয়। তাৰপাছত ২০১৫চনত তেওঁক সন্মানিত কৰা হয় পদ্মবিভূষণ সন্মানেৰে।