নিউজ ডেস্ক: সম্পত্তিৰ লোভত নিজ পুত্ৰই হত্যা কৰিলে প্ৰবীণ অভিনেত্ৰী বীণা কাপুৰক (৭৪)। শনিবাৰে অভিনেত্ৰী গৰাকী তেওঁৰ ৪৩ বছৰীয়া কনিষ্ঠ পুত্ৰ শচীন কাপুুৰে সম্পত্তিৰ বিবাদৰ বাবে হত্যা কৰে।
ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ পুত্ৰ আৰু ঘৰুৱা সহায়কক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে জনোৱা মতে প্ৰবীণ অভিনেত্ৰীগৰাকীক তেওঁৰ পুত্ৰই বেছবল বেটেৰে প্ৰহাৰ কৰি হত্যা কৰে আৰু তাৰ পিছত তেওঁৰ মৃতদেহটো প্লাষ্টিকৰ মোনাত ভৰাই ৯০ কিলোমিটাৰ দূৰত এক পৰিত্যক্ত জংঘলত পেলাই দিয়ে।
শনিবাৰে বীণা কাপুৰৰ সতীৰ্থ তথা অভিনেত্ৰী নিলু কোহলীয়ে ইনষ্টাগ্ৰামত হত্যাকাণ্ডৰ কথা প্ৰথম শ্বেয়াৰ কৰাৰ লগে লগে সৰ্বত্ৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আৰক্ষীৰ জেৰাত শচীন কাপুৰে মাতৃক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। তেওঁ জনোৱা মতে ১২ কোটি টকাৰ বাবে তেওঁ মাকৰ সৈতে তৰ্কত লিপ্ত হৈ এই কাণ্ড সংঘটিত কৰে।
লগতে পঢ়ক – মৰক্কো ১-০ পৰ্তুগাল : বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল Tactical Analysis