জনপ্ৰিয় পৰিচালক সাগৰ ছৰহাদীৰ দেহাৱসান
জনপ্ৰিয় পৰিচালক সাগৰ ছৰহাদীৰ দেহাৱসান

নিউজ ডেস্ক- বলীউদৰ প্ৰসিদ্ধ পৰিচালক-লেখক সাগৰ ছৰহাদীৰ দেহাৱসান।

দেওবাৰে নিশা নিজ বাসগৃহত মৃত্যু হয় পৰিচালক গৰাকীৰ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৮ বছৰ।

ছৰহাদীয়ে চিত্ৰনাট্য ৰচনা, ছবি পৰিচালনা তথা প্ৰযোজনাৰে অতুলনীয় খ্যাতি অৰ্জন কৰিছিল।

‘নুৰী’, ‘বাজাৰ’, ‘কভী-কভী’, ‘ছিলছিলা’, ‘চান্দনী’, ‘দীৱানা’, ‘কহো না প্যাৰ হ্যে’ৰ দৰে ছবিত তেওঁ স্মৰণীয় অৱদান আগবঢ়াইছিল।

১৯৩৩ চনৰ ১১ মে’ত পাকিস্তানত সাগৰ ছৰহাদীৰ জন্ম হৈছিল।

পাকিস্থানত নিজ গৃহ এৰি তেওঁ প্ৰথমে দিল্লীলৈ আহিছিল আৰু পিছলৈ তেওঁ মুম্বাইৰ এটি বস্তিত থাকিবলৈ লয়।

বহু দীৰ্ঘদিনীয়া সংঘৰ্ষৰ মূৰত সাগৰ ছৰহাদীয়ে বলীউদত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল।

আৰু পঢ়কঃ অভিনেতা আদিল হুছেইনলৈ সন্মানীয় পি এইচ ডি প্রদান

যশ চোপ্ৰাৰ ‘কভী কভী’ চলচ্চিত্ৰখনৰ পৰা বিশেষ সাফল্য লাভ কৰিছিল সাগৰ ছৰহাদীয়ে।

ইয়াৰ পিছত আৰু তেওঁ পিছলৈ উভতি চাব লগা নহ’ল।

এই প্ৰসিদ্ধ পৰিচালক গৰাকীৰ মৃত্যুত সমগ্ৰ হিন্দী ছবিজগতত শোকৰ ছাঁ পৰিছে।

আৰু পঢ়কঃ কৰোণাত আক্ৰান্ত লোকসভাৰ অধ্যক্ষ ঔম বিৰলা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply