নিউজ ডেস্কঃ বলীউদ অভিনেতা বিকী কৌশল আৰু ভূমি পাডেনকাৰ কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। ইনষ্টাগ্ৰামযোগে দুই তাৰকাই এই বিষয়ে অৱগত কৰে।

দুয়োগৰাকীয়ে শেহতীয়াকৈ শশাংক খৈতানৰ ”মিষ্টাৰ লেলে” নামৰ চিনেমাখনত অভিনয় কৰি আছিল।

অভিনেত্ৰী ভূমি পাডেনকাৰে লিখে, ”মই কৰোণা ভাইৰাছত আক্ৰান্ত হৈছো। মোৰ দেহত কৰোণাৰ অতি সাধাৰণ লক্ষণে দেখা দিছে। কিন্তু বৰ্তমান মই সুস্থ অৱস্থাতে আছো। নিজকে হোম কোৱাৰেন্টাইত ৰাখিছো। চিকিৎসকৰ পৰামৰ্শ মতে মই কভিড প্ৰটকল’ মানি চলিছো।”

অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলক কৰোণাসৃষ্ট পৰিস্থিতিক গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনাইছে। লগতে মাস্ক পৰিধান , হাত ছেনিটাইজ কৰা, সামাজিক দূৰত্ব মানি চলি সতৰ্কতা অৱলম্বন কৰিবলৈয়ো সকলোকে আহ্বান জনাইছে।

অভিনেতা বিকী কৌশলে ইনষ্টাগ্ৰামত লিখিছে, ”সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰা স্বত্বেও দুৰ্ভাগ্যবশতঃ মই কভিড ১৯ ত আক্ৰান্ত হৈছো। সকলো অত্যাৱশ্যকীয় প্ৰটোকল অনুসৰণ কৰি, মই মোৰ চিকিৎসকৰ দ্বাৰা নিৰ্ধাৰিত ঔষধ গ্ৰহণ কৰি হোম কোৱাৰেন্টাইনত আছো। মোৰ সংস্পৰ্শলৈ অহা সকলোকে লগে লগে পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছো। নিজৰ যত্ন লওক আৰু সুৰক্ষিত থাকক”।

সমগ্ৰ দেশত দেওবাৰৰ দিনটোতে ১লাখতকৈ অধিক লোক কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। দেওবাৰৰ দিনটোতে মহাৰাষ্ট্ৰত সৰ্বাধিক আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৫৭০০০গৰাকী।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি দেশত নতুন আক্ৰান্তৰ সংখ্যা ১,০৩,৫৫৮গৰাকীক ধৰি দেশজুৰি সৰ্বমুঠ কভিড আক্ৰান্ত হৈছেগৈ ১,২৫,৮৯,০৬৭গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply