নিউজ ডেস্কঃ পুনৰ দক্ষিণ ভাৰতৰ ছবিয়ে হৃদয় জিনিছে দৰ্শকৰ। পুষ্পা, আৰআৰআৰ আৰু কেজিএফ-২ৰ পাছত এতিয়া দিগ্বজ অভিনেতা কমল হাছানৰ নতুন ছবি ‘বিক্ৰম’য়ে ভাৰতৰ লগতে সমগ্ৰ বিশ্বতেই হিট হৈ পৰিছে। ইফালে, বলিউডৰ অভিনেতা অক্ষয় কুমাৰৰ ছবি ‘সম্ৰাট পৃথ্বীৰাজ’ চাবলৈ সোমবাৰে চিনেমা হল সমূহলৈ দৰ্শকে ভিৰ কৰা দেখা নগ’ল।

আনহাতে, ভাৰতৰ শীৰ্ষ ১০খন ছবিৰ ভিতৰত কমল হাছানৰ ‘বিক্ৰম’ ছবিখনে ইতিমধ্যে স্থান দখল কৰিছে। ৩ জুন, ২০২২ত মুক্তি লাভ কৰা ছবিখনে সপ্তাহটোৰ অন্তলৈকে ১৭৫ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

উল্লেখ কৰাৰ প্ৰয়োজন যে, কমল হাছানৰ ছবিখন নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে ১০০ কোটি টকাৰো অধিক ধন। আৰু মুক্তি লাভৰ তিনিদিনতেই মূলধনৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ছবিখনে।

এই ছবিখনত কমল হাছানৰ লগতে বিজয় সেতুপতি, ফাহদ ফাছিল আৰু সূৰ্য্যৰ দৰে দিগ্বজ অভিনেতাসকলেও অভিনয় কৰিছে। উল্লেখ কৰাৰ প্ৰয়োজন যে, প্ৰায় তিনি সপ্তাহ পূৰ্বে ইউটিউবত মুক্তি দিয়া ছবিখনৰ ট্ৰেইলাৰটো ৩৪ মিলিয়নৰো অধিক লোকে চাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply