নিউজ ডেস্কঃ হাতত নাছিল হাতমোজা অথবা ব্ৰাছ। খালী হাতেৰে বিদ্যালয়ৰ শৌচালয় পৰিস্কাৰ কৰি চৰ্চালৈ আহিছে মধ্যপ্ৰদেশৰ ৰেৱাৰ বিজেপি সাংসদ জনাৰ্দন মিশ্ৰ। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ভিডিঅ’। সাংসদজনে নিজেই ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে বিজেপি যুৱ মৰ্চাই ১৭ছেপ্তেম্বৰৰ পৰা ২অক্টোবৰলৈ ৰাজ্যখনত স্বচ্ছ অভিযান পালন কৰিছে।
বৃহস্পতিবাৰে সাংসদজনে মধ্যপ্ৰদেশৰ খাটকাৰীৰ এখন বিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণৰ উপলক্ষে যায়। অনুষ্ঠানত অংশগ্ৰহণৰ পিছতে সাংসদগৰাকী বিদ্যালয়ৰ টয়লেটত সোমাই আচৰিত হৈ পৰে। লেতেৰা, দুৰ্গন্ধই গোটেই শৌচালয়টোত বিয়পি পৰিছিল। স্বচ্ছ অভিযানৰ সময়ত সাংসদজনে বিদ্যালয়খনৰ শৌচালয়ৰ অৱস্থা দেখি অস্বস্তিবোধ কৰিছিল।অৱশেষত তেওঁ খালী হাতৰেই ব্ৰাছ নোলোৱাকৈ শৌচাগাৰটো পৰিষ্কাৰ কৰে।
পিছে এইয়া তেওঁৰ বাবে প্ৰথম ঘটনা নহয়। ২০১৮ চনতো তেওঁৰ সংসদীয় সমষ্টিৰ এখন প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰিবলৈ যাওঁতে সেই সময়তো তেওঁক শৌচাগাৰ পৰিষ্কাৰ কৰা দেখা গৈছিল। সেই ফটোখনো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।