নিউজ ডেস্কঃ বৰ্তমানৰ সময়ত প্ৰায় প্ৰতিজন ব্যক্তিয়ে নিজৰ শৰীৰচৰ্চা কৰি নিজকে সুস্থ ৰখা দেখা যায়। কিন্তু মাজে সময়ে ব্যায়াম বা শৰীৰ চৰ্চাৰ বাবে একাংশ লোকে কি কি কৰিব পাৰে সেয়া দেখিলে আন মানুহে তবধ মানে। তেনেকুৱাই এক দৃশ্য দেখা গ’ল ভাৰতত। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত এজন ব্যক্তিয়ে ১২ নং মহলাৰ বেলকনীত ওলমি ওলমি ব্যায়াম কৰা দেখা গ’ল।
এই দৃশ্য দেখিলে যিকোনো লোকৰেই হৃদয় ভয়ত কঁপি উঠিব। ব্যক্তিয়ে এটা অট্টালিকাৰ নিজৰ ফ্লেটৰ বেলকনীৰ ৰেলিঙৰ বাহিৰত ঠিয় হৈ ব্যায়াম কৰে। বহুতে এই দৃশ্য দেখাৰ পাছত প্ৰশ্নও কৰিছে যে, কেনেকৈ কোনো লোকে ব্যায়াম কৰাৰ নামত এনেকুৱা কোনো কাম কৰিব পাৰে?
জানিব পৰা মতে, এই দৃশ্য ফাৰিদাবাদৰ ৮২ নং ছেক্টৰৰ গ্ৰেণ্ডুয়ৰা ছচাইটীৰ। ক’লা ৰঙৰ কাপোৰ পৰিধান কৰা এজন ব্যক্তিয়ে বেলকনীৰ ৰেলিঙৰ বাহিৰত এনেকৈ কৰিছে ব্যায়াম। আৰু সেই সময়তে সমীপৰে আন এটা অট্টালিকাৰ পৰা কোনো ব্যক্তিয়ে সম্পূৰ্ণ ঘটনা নিজৰ মোবাইলৰ কেমেৰাত বন্দী কৰে। আৰু তাৰ পাছৰে পৰা সম্পূৰ্ণ ভিডিঅ”টো ভাইৰেল হৈ পৰিছে।