ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু তেওঁৰ পত্নী অভিনেত্ৰী অনুষ্কা শৰ্মাই দেশে চলাই থকা ক’ভিড বিৰোধী যুঁজত সহায়ৰ বাবে আগবাঢ়ি আহিছে।
দুয়োজনে ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিবলে ২ কোটি টকা দান কৰাৰ লগতে মুঠ ৭ কোটি টকা বৰঙণি সংগ্ৰহ কৰাৰ লক্ষ্য লৈছে।
টুইটাৰত দিয়া এটা ভিডিঅ’ত কোহলী আৰু অনুষ্কাই তেওঁলোকৰ এই প্ৰচেষ্টাৰ কথা উল্লেখ কৰি সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
তেওঁলোকৰ ফালৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তিত ক্ৰাউড-ফাণ্ডিং প্লেটফ’ৰ্ম ‘Ketto’ৰ জৰিয়তে এই অভিযান আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে।
বৰঙণি সংগ্ৰহৰ এই অভিযান ৭ দিনলৈ চলিব আৰু সংগ্ৰহ কৰা ধনখিনি অক্সিজেন আৰু আন আন চিকিৎসা সুবিধা প্ৰদানৰ ক্ষেত্ৰত কাম কৰা ACT Grantsক প্ৰদান কৰা হ’ব।
তাৰকাদ্বয়ৰ এই প্ৰচেষ্টাৰ শলাগ লৈ ACT Grantsৰ মুখপাত্ৰ গায়ত্ৰী যাদৱে কয়, ‘অনুষ্কা আৰু বিৰাটৰ দৰে তাৰকাৰ উপস্থিতিয়ে বৰঙণি সংগ্ৰহৰ আমাৰ এই অভিযানক বহুখিনি আগুৱাই নিব। এই অভিযানত যোগ দিয়াৰ বাবে ACT Grants তেওঁলোকৰ ওচৰত কৃতজ্ঞ।‘