নিউজ ডেস্কঃ গণৰাজ্য দিৱসৰ দিনাই অৱসৰ ল’লে বিৰাটে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গণৰাজ্য দিৱসৰ পেৰেডৰ পিছতে অৱসৰ লোৱা বিৰাটক বিদায় সম্ভাষণ জনালে।
২১টা বছৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ সেৱাত নিয়োজিত হৈ আছিল বিৰাট। ১৩ বাৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশ লৈছিল বিৰাটে।
লগতে পঢ়কঃSocial Media Trending!হিমশীতল কোলাত গণতন্ত্ৰ দিৱস উদযাপন আইটিবিপি জোৱানৰ
এক দীঘলীয়া বৰ্ণিল পৰিক্ৰমা শেষ হ’ল বুধবাৰে। শেষবাৰৰ বাবে গণৰাজ্য দিৱসত পেৰেড কৰিলে বিৰাটে। এই বিৰাট ৰাষ্ট্ৰপতিৰ বডীগাৰ্ড কমাণ্ডেণ্টৰ এটা ক’লা ঘোঁৰা।
যোৱা ১৫ জানুৱাৰীত সেনা দিৱসৰ দিনা বিৰাটক চীফ অৱ দ্য আৰ্মী ষ্টাফৰ কমেণ্ডেশ্যন দিয়া হৈছিল। উত্কৃষ্ট সেৱা আৰু সক্ষমতাৰ বাবে এই সন্মান লাভ কৰা বিৰাটেই প্ৰথমটো ঘোঁৰা।