নিউজ ডেস্কঃ তামিল ছবিৰ জনপ্ৰিয় অভিনেতা বিবেকৰ দেহাৱসান।
চেন্নাইৰ SIMS হস্পিতালত শনিবাৰে পুৱা ৪বাজি ৩৫মিনিটত মৃত্যু হয় অভিনেতাগৰাকীৰ।
হৃদৰোগত আক্ৰান্ত হোৱা অভিনেতাগৰাকীক শুকুৰবাৰে ভৰ্তি কৰোৱা হৈছিল হস্পিতালত।
চিকিৎসকে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি জানিবলৈ দিয়ে যে, তেওঁৰ হৃদযন্ত্ৰলৈ তেজ পঠিওৱা ব্লড বেছেল ব্ল’ক হৈ গৈছে।
শুকুৰবাৰে অভিনেতাজনক কৰা হৈছিল এঞ্জিয়প্লাষ্টী।
অভিনেতাগৰাকীক আই চি ইউত ৰখা হৈছিল।
অৱশেষত শনিবাৰে পুৱা মৃত্যু হয় অভিনেতাগৰাকীৰ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৯বছৰ।
এই জনপ্ৰিয় অভিনেতাজনে বহুকেইখন দাক্ষিণাত্যৰ ছবিত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছিল।
২০০৯চনত তেওঁক কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল।
প্ৰসিদ্ধ অভিনেতাজনৰ মৃত্যুত সমগ্ৰ ছবিজগততে শোকৰ ছাঁ পৰিছে।