নিউজ ডেস্কঃ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমীৰ জেলেনস্কীয়ে সমবাৰে নিজৰ দেশখন ইউৰোপিয়ান ইউনিয়নত তৎকালীনভাৱে সদস্যতা প্ৰদানৰ বাবে দাবী জনায়। এটা ভিডিঅ’ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- ‘আমি ইউৰোপিয়ান ইউনিয়নৰ এক বিশেষ প্ৰক্ৰিয়াৰে ইউক্ৰেইনক তৎকালীনভাৱে সদস্যতা প্ৰদানৰ দাবী জনাইছো। আমাৰ লক্ষ্য হৈছে সকলো ইউৰোপিয়ানৰ সৈতে একেলগে সমান স্তৰত থকা। মই আশাবাদী যে এয়া সম্ভৱ।’
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাছিয়াইৰ সেনা বাহিনীক অস্ত্ৰ-শস্ত্ৰ পেলাই দিবলৈ দাবী জনাই লগতে কয় যে- ৰাছিয়াৰ সেনা বাহিনী ইউক্ৰেইনৰ পৰা গুচি যাব লাগে। নিজৰ প্ৰাণ ৰক্ষা কৰা। নিজৰ কামাণ্ডৰৰ ওপৰত বিশ্বাস নকৰিব।
উল্লেখ্য যে, সোমবাৰে সন্ধিয়া ৩.৩০ বজাত দুয়োখন দেশৰ মাজত আৰম্ভ হৈছে আলোচনা। এই আলোচনাৰ পাছতে যুদ্ধ অন্ত পৰিব বুলি ইউক্ৰেইনৰ লগতে সমগ্ৰ বিশ্ববাসীয়ে আশা কৰিছে।