নিউজ ডেস্কঃ উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যাৰ ভোটগ্ৰহণ। সন্ধিয়া ৫ বজালৈ ৫৭.৪৫ শতাংশ ভোটাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰ। ইয়াৰ পূৰ্বে ৰাজ্যখনত বিয়লি ৩ বজালৈকে ৪৯.৮৯ শতাংশ ভোটদান সম্পন্ন হৈছে।

বুধবাৰে পুৱা ৰাজ্যখনৰ ৯খন জিলাৰ ৫৯টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ পৰ্ব আৰম্ভ হৈছে। ৫৯টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৬২৪গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে।

মন কৰিব লগীয়া যে, ইয়াৰ পূৰ্বে ২০১৭ চনত এই ৫৯টা সমষ্টিৰ ৫১টা সমষ্টিতেই বিজেপি প্ৰাৰ্থীয়ে জয় লাভ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply