নিউজ ডেস্ক : তালিবানৰ বিৰুদ্ধে আফগানিস্তানৰ যুদ্ধ আৰম্ভ। ৪০ জনকৈ তালিবানৰ সৈন্যক নিধন কৰি ৩ খনকৈ জিলা তালিবান মুক্ত। তালিবানৰ বিৰুদ্ধে আফগানিস্তানে হাতত অস্ত্ৰ তুলি লোৱাত সন্ত্ৰাসবাদৰ অন্ত আৰম্ভ বুলি চলিছে চৰ্চা। আফগানিস্তানৰ প’ল এ হেচৰ, ডেহ চলাহ আৰু বানো জিলা তালিবান মুক্ত কৰাৰ পিছত অন্য জিলাৰ পৰাও তালিবানক খেদাৰ প্ৰস্তুতি।
আফগানিস্তানত তালিবানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হৈছে। আফগানিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আফগানিস্তানৰ সৈন্যই তালিবানৰ দখলত থকা ৩ খনকৈ জিলা তালিবান মুক্ত কৰিবলৈ সক্ষম হৈছে। তালিবান মুক্ত হোৱা জিলা ৩ খনৰ পৰা তালিবানৰ পতাকা আঁতৰাই আফগানিস্তানৰ পতাকা উৰুৱাই দিয়া হৈছে।
সংবাদ মাধ্যৰ তথ্য অনুসৰি আফগানিস্তানৰ সৈন্যই ৪০ জনকৈ তালিবানৰ সৈন্যৰ নিধন কৰিছে। লগতে আফগানিস্তানৰ সৈন্যৰ আক্ৰমণত তালিবানৰ ১৫ জনকৈ সৈন্য আঘাতপ্ৰাপ্ত হৈছে। আফগানিস্তানত তালিবানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে। আফগান নেতা খেৰ মহাম্মদ আন্দাৰাবিৰ নেতৃত্বত আফগান সৈন্যই তালিবানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে।
লগতে পঢ়ক : শিৱসাগৰত আৰক্ষীৰ জালত পৰিল চাৰ্টাৰ্ড একাউণ্টেণ্টসহ তিনিজন চোৰাং কয়লা ব্যৱসায়ী
আফগানিস্তানৰ ৩ খনকৈ জিলা তালিবান মুক্ত কৰাৰ পিছত আফগানিস্তানৰ সৈন্য আগুৱাই যাবলৈ ধৰিছে তালিবানৰ কবলত থকা অন্যান্য জিলা সমূহ তালিবান মুক্ত কৰাৰ বাবে। তালিবানৰ বিৰুদ্ধে পঞ্জাচীৰ জিলাৰ পৰা প্ৰথমে আৰম্ভ হৈছে যুদ্ধ। পঞ্জাচীৰ কেতিয়াও তালিবানে দখল কৰিবলৈ সক্ষম হোৱা নাই।