ইম্ফল : মণিপুৰত অচিনাক্ত বন্দুকধাৰীয়ে মণিপুৰ আৰক্ষীৰ স্পেচিয়েল ক’মাণ্ডোৰ ওপৰত গুলীবৰ্ষণ কৰাৰ এক ঘটনা সংঘটিত হৈছে।
ৰাজ্যখনৰ ইম্ফল-জিৰিবাম পথৰ কাষৰ খংচাং ৰেংপাং গাঁৱত এই ঘটনা সংঘটিত হয়।
উক্ত গুলীচালনাত আৰক্ষী ক’মাণ্ডোৰ এজন ৰাইফলমেন আহত হয়। আঘাটপ্ৰাপ্ত জোৱানজনক শচিকুমাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁক ইম্ফলৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
বুধবাৰে দিনৰ ৩.৩০ বজাত উক্ত ঘটনা সংঘটিত হয় বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে। ক’মাণ্ডো দলটোৱে তহল দি থকা সময়ত তেওঁলোকৰ ওপৰত গুলীচালনা কৰা হয়।
ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীৰ দলটোৱে গুলী চালনা কৰে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।