নিউজ ডেস্ক : শুকুৰবাৰে মুম্বাইৰ এটা ৬১ মহলীয়া বিল্ডিঙত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। মধ্য মুম্বাইৰ কুৰে ৰোডৰ ৱান আভিঘ্না পাৰ্ক নামৰ আৱাসিক ভৱনৰ ১৯ নম্বৰ মহলা জুইয়ে চানি ধৰে।

উক্ত অগ্নিকাণ্ডৰ ফলত এজন ৩০ বছৰীয়া যুৱকে মৃত্যুক সাবটিব লগীয়া হয় বুলি জানিব পৰা গৈছে। মুম্বাই অগ্নি নিৰ্বাপন বাহিনীয়ে জনোৱা মতে লোকজনে ভৱনটোৰ ১৯ নম্বৰ মহলাৰ পৰা বাগৰি পৰি মৃত্যুবৰণ কৰে।

নিহত লোকজনক অৰুণ তিৱাৰী বুলি চিনাক্ত কৰা হৈছে, লোকজন আৱাসিক ভৱনটোত নিৰাপত্তা ৰক্ষী হিচাপে নিয়োগ হৈ আছিল বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডৰ কাৰণ বাতৰি লিখা পৰ্য্যন্ত জানিব পৰা হোৱা নাই।

YouTube video

লগতে পঢ়ক : ভাৰতৰ টীকাকৰণ কাৰ্য্যসূচী সম্পূৰ্ণ বিজ্ঞানসন্মত : প্ৰধান মন্ত্ৰী মোদী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply