নিউজ ডেস্কঃ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ ৰাজধানী কীৱত প্ৰত্যাহাৰ কৰা হৈছে সাপ্তাহিক কাৰ্ফিউ। ইফালে, ভাৰত চৰকাৰে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলক ৰে’ল ষ্টেচনলৈ যাবলৈ আহ্বান জনাইছে। এতিয়াও ইউক্ৰেইনত আৱদ্ধ হৈ আছে প্ৰায় ১৫ হাজাৰ ভাৰতীয় নাগৰিক আৰু ইয়াৰে সৰহ সংখ্যকেই ছাত্ৰ-ছাত্ৰী।

ইউক্ৰেইনস্থিত ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা এটা টুইটযোগে ঘোষণা কৰা হৈছে যে- ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক ঘূৰাই অনাৰ বাবে দেশখনত বিশেষ ৰেল চলাচলৰ ব্যৱস্থা কৰা হৈছে। ৰেল ষ্টেচনৰ পৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক পশ্চিম ইউক্ৰেইনৰ এলেকালৈ লৈ যোৱা হ’ব।

ইফালে, ভাৰত চৰকাৰে গংগা অভিযানৰ অধীনত ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইনৰ পৰা ঘূৰাই অনাৰ বাবে এটা বিশেষ টুইটাৰ হেণ্ডেল বনাইছে। আৰু এই টুইটাৰ একাউন্টত ইউক্ৰেইনৰ সীমান্তত থকা দেশ ক্ৰমে হাংৰী, প’লেণ্ড, ৰোমানিয়াৰ বাবে হেল্প লাইন নম্বৰো জাৰি কৰা হৈছে। আনহাতে, স্পেচজেটে ঘোষণা কৰিছে যে- ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলক তাৰ পৰা ঘূৰাই অনাৰ বাবে বুডাপেষ্টৰ পৰা বিশেষ বিমানৰ ব্যৱস্থা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply