পশ্চিমবংগৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন

নিউজ ডেস্ক: পশ্চিমবংগত আজি হৈছে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন৷ মুঠ ২৯৪টা সমষ্টিৰ ৪৪টা সমষ্টিত হৈছে ভোটগ্ৰহন৷ইয়াৰ বাবে ৰাজ্যখনত মোতায়ন কৰা হৈছে ৭৯৩ টা নিৰাপত্তা বাহিনী ৷ ১.৩০ বজা পৰ্যন্ত চতুৰ্থ পৰ্যায়ত সম্পন্ন হৈছে ৫২.৮৯ শতাংশ ভোটদান ৷

ইফালে ভোটগ্ৰহণ চলি থকাৰ মাজতে কোচবিহাৰৰ মাথা ভাংগাৰ জৰপাটকি অঞ্চলত গুলীচালনাৰ ঘটনা সংঘটিত উঠিছে ৷ উক্ত ঘটনাত মৃত্যু হৈছে চাৰিজনকৈ লোকৰ ৷ আহত হৈছে আন তিনিজনকৈ লোক ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ অঞ্চলটোত অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় সুৰক্ষা বাহিনীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত কুৰিৰো অধিক লোক আহত আৰু নিহত হয় ৷ বৰ্তমান আহত লোকসকলক কোচবিহাৰৰ মাথাবাহংগা হাস্পতাললৈ অনা হৈছে ৷

আৰু পঢ়কঃঅসমৰ চাৰিটা কেন্দ্ৰত ২০ এপ্ৰিলত অনুষ্ঠিত হ’ব পুনৰ ভোটগ্ৰহণ

নিহত লোককেইজন ক্ৰমে হামিদুল হক, মণিৰুল হক, চামিউল মিয়া, আমজাদ হুছেইন ৷ এই লোক কেইজন তৃণমূল কংগ্ৰছৰ সমৰ্থক বুলি জানিব পৰা গৈছে ৷ এই সমগ্ৰ ঘটনাটোত নিহত আৰু আহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ এই ঘটনাৰ সন্দৰ্ভত প্ৰতিবেদন বিচাৰি তাৎক্ষণিকভাৱে জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply