কোৰোনাৰ ব্যাপক সংক্ৰমণৰ মাজতে পশ্চিমবংগত পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে। পঞ্চম পৰ্যায়ত ৰাজ্যখনৰ ৪৫টা সমষ্টিত অনুষ্ঠিত বিধানসভা নিৰ্বাচন।
দিনৰ ১১ বজালৈকে ২১.২৬ শতাংশ ভোটদান, বিজেপি,তৃণমূল কংগ্ৰেছ দুয়োটা দলৰে ভোটদান খেলিমেলিৰ অভিযোগ
আজিৰ নিৰ্বাচনত মুঠ ৩১৯জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ ৰাইজে।
উত্তৰ ২৪ পৰগনা, পূব বৰ্ধমান, দমদম, কালিম্পং, দাৰ্জিলিং আৰু জলপাইগুৰি জিলাবাসীয়ে ভোটদান সাব্যস্ত কৰিছে ।অধিক হিংসাত্মক হৈ পৰা পশ্চিমবংগৰ আজিৰ নিৰ্বাচনৰ বাবে ১০৭১টা অৰ্ধসামৰিক বাহিনীৰ কোম্পানীক নিয়োগ কৰিছে ।
ৰাজ্য খনত ক’ভিড আক্ৰান্তৰ সংখ্যা ভয়ানক ৰূপে বৃদ্ধি পোৱালৈ চাই কলকাতা উচ্চ ন্যায়ালয়ে ক’ভিড নিয়ন্ত্ৰনৰ বাবে ব্যৱস্থা ল’বলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিছে ।
যোৱা ২৪ ঘন্টাত ৰাজ্যখনত আক্ৰান্ত হৈছে ৬,৭৬৯ গৰাকী লোক ,ইয়াৰে ২২ জনৰ মৃত্যু হৈছে ।