নিউজ ডেস্কঃ দেওবাৰে পশ্চিমবংগ নিৰ্বাচনৰ ফলাফল ঘোষিত হ’ল। এই ফলাফলত এগৰাকী সাধাৰণ মহিলাৰ নাম এতিয়া সংবাদ মাধ্যমৰ শীৰ্ষ স্থান দখল কৰিছে।
নাই বিলাসী গাড়ী, নাই হাতত টকা-পইচা, উৰুখা পজাৰ পৰা নিৰ্বাচন খেলি নিৰ্বাচনত অৱতীৰ্ণ হৈ বিধায়িকা হোৱাৰ পথত এই সাধাৰণ মহিলা গৰাকীৰ আৰঁত নিহিত আছে যথেষ্ট কষ্ট। এগৰাকী সাধাৰণৰ পৰা অসাধাৰণ হৈ পৰিল পশ্চিম বংগৰ ৩০বছৰীয়া চন্দনা বাউৰী।
পশ্চিম বংগৰ বাংকোৰা জিলাৰ শালটোৰা সমষ্টিৰ পৰা বিজেপিৰ টিকটত জয়ী হোৱা চন্দনা বাউৰীয়ে সম্প্ৰতি এতিয়া দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।
সম্পত্তিৰ নামত চন্দনা বাউৰীৰ আছিল এটা সৰু জুপুৰী আৰু কেইটামান টকা।
নিৰ্বাচনৰ পূৰ্বে মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত চন্দনাই জনাইছিল তেওঁৰ হাতত নগদ জমা আছে মাত্ৰ ৬,৩৩৫ টকা , শ্ৰমিক স্বামীৰ নামত বেংকত জমা আছে ১,৫৬১ টকা, ছাগলী আছিল ৩জনী, ৩ জনী গৰু আৰু এটা পঁজা। মুঠ তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল প্ৰায় ৩১,৯৮৫ টকা।
নিৰ্বাচনত বিজয়ৰ বাবে অধিকাংশ প্ৰাৰ্থীয়ে পানীৰ দৰে ধন খৰচ কৰাৰ বিপৰীতে অতি সাধাৰণ জীৱন যাপন কৰি নিজা প্ৰচেষ্টাৰে চন্দনা বিধায়কৰূপে নিৰ্বাচিত হৈছে।
অত্যন্ত অভাৱী পৰিয়ালৰ মহিলা চন্দনাৰ স্বামীয়ে দিন হাজিৰা কৰে। চন্দনাই চাৰি হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰে তৃণমূলৰ হেভিৱেইট প্ৰাৰ্থী সন্তোষ কুমাৰ মণ্ডলক।
২০২০ চনত চন্দনাই প্ৰধান মন্ত্ৰী আৱাস যোজনাত এটা ঘৰ নিৰ্মাণ কৰিবলৈ ৬০ হাজাৰ টকা পাইছিল আৰু সেই টকাৰে তেওঁ দুটা কোঠালীৰ এটা পকা ঘৰ নিৰ্মাণ কৰে।
চন্দনাৰ স্বামী ফৰৱাৰ্ড ব্লকৰ কৰ্মী আছিল আৰু পিছলৈ তৃণমূলত যোগদান কৰিছিল। কিন্তু তৃণমূলৰ একাংশ কৰ্মীৰ আতিশৰ্যৰ সমুখীন হৈ তেওঁ বিজেপিলৈ আহিছিল।
স্বামীক সহায় কৰিবলৈ চন্দনাই নিজেই মাজে মাজে হাজিৰা কাম কৰে। দুয়োগৰাকীয়ে MNREGAৰ কাৰ্ড হোল্ডাৰ।
বিজেপিৰ এগৰাকী সাধাৰণ কৰ্মী চন্দনা যে দলৰ প্ৰাৰ্থী লাভ কৰিছিল টিভিত তেওঁৰ নাম দেখি প্ৰতিৱেশীয়েহে তেওঁক সেই কথা জনাইছিল।
চন্দনাৰ উৰুখা পজাৰ পৰা বিধানসভাৰ মজিয়ালৈ এই জীৱন যাত্ৰা সঁচাকৈ অবিস্মৰণীয়।