নিউজ ডেস্কঃ বিজেপিৰ যাত্ৰা স্তব্ধ কৰি পশ্চিমবংগৰ শাসন ভাৰ তৃতীয়বাৰৰ বাবে দখল কৰি মুখ্যমন্ত্ৰীত্বৰ আসনত বঢ়া মমতা বেনাৰ্জী এতিয়াও বিধায়ক হিচাবে নিৰ্বাচিত হোৱা নাই।
কেইমাহ মান পূৰ্বে অনুষ্ঠিত হৈ যোৱা পশ্চিমবংগৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনত নন্দীগ্ৰাম বিধানসভা সমষ্টিত বিজেপিৰ নেতা শুভেন্দ্ৰু অধিকাৰীৰ হাতত পৰাস্ত হৈছিল মমতা বেনাৰ্জী।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভৱানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।
শুকুৰবাৰে তৃণমূল কংগ্রেছৰ বিধায়ক শোভন দেৱ চেটাৰ্জীয়ে ভৱানীপুৰ সমষ্টিৰ পৰা বিধায়কৰ পদৰ পৰা পদত্যাগ কৰে।
আৰু পঢ়কঃব্লেক ফাংগাছত আক্ৰান্তৰ চিকিৎসা বিনামূলীয়া কৰক : প্ৰধান মন্ত্ৰীলৈ ছোনিয়া গান্ধীৰ পত্ৰ
গতিকে এই সমষ্টিটোত আয়োগে উপ–নির্বাচন অনুষ্ঠিত কৰিব৷ নিয়ম অনুসৰি, মমতা বেনাৰ্জী বিধানসভা নিৰ্বাচনৰ ছয় মাহৰ ভিতৰত বিধানসভাৰ সদস্য হ’ব লাগিব।
বিধানসভালৈ পুনৰ নির্বাচিত হৈ আহিলেহে মুখ্যমন্ত্রীৰ পদত অধিষ্ঠিত হৈ থাকিবলৈ তেওঁ সক্ষম হ’ব ৷
পদত্যাগৰ পূৰ্বে শোভন দেৱে কয়, “মুখ্যমন্ত্ৰীয়ে ছয় মাহৰ ভিতৰত যিকোনো বিধানসভা আসনত জয়ী হ’ব লাগিব। মই তেওঁৰ আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিলো আৰু জিকিলো। মই বিধায়কৰ পদৰ পৰা এইকাৰণে পদত্যাগ কৰিলো যাতে তেওঁ নিৰপেক্ষ ভাৱে নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰী হৈ থাকে।’
ভৱানীপুৰ সমষ্টিৰ পৰা মমতা বেনার্জীয়ে দুবাৰকৈ নির্বাচনত জয়লাভ কৰিছিল যদিও এইবাৰ নেত্রীগৰাকীয়ে নন্দীগ্রাম সমষ্টিৰ পৰাহে বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছিল৷