ক’ভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম বংগ চৰকাৰে ৰাজ্যখনৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা বাতিল কৰে।
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই কথা ঘোষণা কৰে ।
ইয়াৰ পূৰ্বে, মমতা বেনাৰ্জীয়ে কৈছিল যে দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা জুলাইৰ মাহৰ শেষ সপ্তাহত অনুষ্ঠিত হ’ব আৰু দশম শ্ৰেণীৰ পৰীক্ষা আগষ্টৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ’ব। কিন্তু অৱশেষত ক’ভিড পৰিস্থিতিৰ উন্নতি নোহোৱাৰ বাবে বাতিল কৰিব লগীয়া হ’ল পৰীক্ষা ।
চি.আই.এছ.চি.ই. আৰু চি.বি.এছ.ই.কে ধৰি বেছিভাগ ৰাজ্যিক বৰ্ডে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছে আৰু আভ্যন্তৰীণ নম্বৰৰ ওপৰত আধাৰিত কৰি শিক্ষাৰ্থীসকলক মূল্যাঙ্কন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
উল্লেখযোগ্য যে, পশ্চিম বঙ্গৰ শিক্ষা বিভাগৰ ফালৰ পৰা ব’ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰা নকৰাকলৈ জনতাৰ মতামত বিচাৰি বিভাগে দেওবাৰে এক ইমেইল ৰাজহুৱা কৰিছিল। তিনিদিন পূৰ্বে আকৌ ৰাজ্যখনৰ শিক্ষা বিভাগে পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰিবলৈ মাধ্যমিক শিক্ষা ব’ৰ্ডৰ মূৰব্বী, ৰাজ্যৰ শিশু অধিকাৰ সুৰক্ষা সমিতিৰ মূৰব্বী, এগৰাকী চিকিৎসক আৰু এগৰাকী শিক্ষাবিদসহ মুঠ ছয়গৰাকী সদস্যৰে এক কমিটি গঠন কৰিছিল। এই কমিটিয়ে শনিবাৰে প্ৰতিবেদন দাখিল কৰিছিল।
লগতে পঢ়ক ভাৰতৰ সকলো ৰাজ্যৰে ১৮ বছৰ ওপৰৰ লোকে লাভ কৰিব বিনামূলীয়া কোভিড ভেকচিন