স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি কেৱল কলকাতাৰ সাপ্তাহিক পজিটিভিটীৰ হাৰ ১২.৫ শতাংশলৈ বৃদ্ধি পাইছে৷ আনহাতে সমগ্ৰ ৰাজ্যখনৰ পজিটিভিটিৰ হাৰ ৫.৪৭ শতাংশলৈ বৃদ্ধি পাইছে।

কলকাতা পৌৰ নিগম (কেএমচি) আৰু পশ্চিমবংগৰ স্বাস্থ্য বিভাগে ভাইৰাছৰ বিস্তাৰ নিয়ন্ত্ৰণ ৰখাৰ বাবে ‘চিষ্টেম এলাৰ্ট’ ঘোষণা কৰিছে।

ৰাজ্য চৰকাৰে আজি নেতাজী ইন্দোৰ ষ্টেডিয়ামত ছাত্ৰ-ছাত্ৰীৰ অনুষ্ঠানৰ আয়োজন কৰিছিল। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও তাত উপস্থিত হোৱাৰ কথা আছিল। কিন্তু ক’ভিডৰ ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি, অনুষ্ঠানটো বাতিল কৰিছে।

কলিকতা উচ্চ ন্যায়ালয় আৰু জিলা আদালতসমূহ আজিৰে পৰা ভাৰ্চুৱেল মোডত কাম কৰাৰ সিদ্ধান্ত লৈছে।

শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি ৰাজ্যখনত ১১জনৰ দেহত ধৰা পৰিছে অ’মিক্ৰণৰ সংক্ৰমণ৷ যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে পশ্চিমবংগৰ স্বাস্থ্য বিভাগৰ লগতে প্ৰশাসনো৷ ৰাজ্যখনৰ মুখ্যসচিব এইছ কে দ্বিবেদীয়ে জনোৱা মতে কেবল জৰুৰী সেৱাৰ বাবেহে মুকলি থাকিব নিশা ১০ বজাৰ পৰা পুৱা ৫বজালৈ।

লন্ডনৰ পৰা অহা বিমান কলকাতাত অবতৰন কৰাটোত নিষেধাজ্ঞা আৰোপ কৰিছে। মুম্বাই আৰু দিল্লীৰ পৰা আহিব লগা বিমান অবতৰন কৰিব মাত্ৰ সোমবাৰ আৰু শুকুৰবাৰেহে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply