নিউজ ডেস্কঃ আমি প্ৰায়ে শুনি আহিছোঁ যে এই ব্যক্তিজনৰ Z+ সুৰক্ষা আছে , সেই ব্যক্তিজনে Y শ্ৰেণীৰ সুৰক্ষা লাভ কৰিছে। কিন্তু এই সুৰক্ষা কিয় আৰু কিহৰ ভিত্তিত উপলব্ধ হয় সেই বিষয়ে আমি জ্ঞাত নহয়।
ভাৰতত এই সুৰক্ষা আৰক্ষী আৰু চৰকাৰে প্ৰদান কৰে। ব্যক্তিগৰাকীৰ জীৱনৰ বিপদৰ আশংকাৰ ওপৰত নিৰ্ভৰ কৰি নিৰাপত্তাৰ শ্ৰেণী নিৰ্ধাৰণ কৰা হয়। দেশত ভিআইপি নিৰাপত্তা সাধাৰণতে ৪ টা শ্ৰেণীত বিভক্ত কৰা হৈছে। এইবোৰ হৈছে Z+, Z, Y আৰু X ।
কি হয় Z+ নিৰাপত্তা?
Z+ সুৰক্ষা হৈছে ভাৰতৰ সৰ্বোচ্চ শ্ৰেণীৰ নিৰাপত্তা। এই নিৰাপত্তাত থাকে, ৫৫জনতকৈ অধিক সুদক্ষ নিৰাপত্তাৰক্ষী। ইয়াৰে ১০জনৰ অধিক এন এছ জি কমাণ্ডো আৰু বাকীসকল আৰক্ষীৰ বিশেষ নিৰাপত্তাৰক্ষী । Z+ নিৰাপত্তাৰ প্ৰতিজন কমাণ্ডো সমৰ কলাত নিপুণ। দেশৰ এই শীৰ্ষস্থানীয় কমাণ্ডোৰ গোটটো সুসজ্জিত হৈ থাকে হেকলাৰ এণ্ড কোচ MP5 ছাব মেচিন গানেৰে। লগত থাকে অত্যাধুনিক যোগাযোগৰ সা-সৰঞ্জাম। এই বিশেষ সুৰক্ষা এই গুৰুত্বপূৰ্ণ লোকসকলক তেওঁলোকৰ সকলো ঠাই ভ্ৰমণৰ সময়ত দিয়া হয়।
কাক প্ৰদান কৰা হয় Z+ নিৰাপত্তা
সাধাৰণতে এই নিৰাপত্তা দেশৰ অতি গুৰুত্বপূৰ্ণ লোকসকলক দিয়া হয়। Z+ নিৰাপত্তা সমগ্ৰ ভাৰতত ১২ ৰ পৰা ১৭ জন বিশেষ গুৰুত্বপূৰ্ণ লোকক প্ৰদান কৰা হয়। যেনে- প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীসকল। দেশত Z+ নিৰাপত্তা লাভ কৰা ভিআইপিসকলৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু প্ৰদান কৰা হ’ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
Z শ্ৰেণীৰ নিৰাপত্তা
নিৰাপত্তাৰ এই শ্ৰেণীটো হৈছে দ্বিতীয় সৰ্বোচ্চ স্তৰৰ নিৰাপত্তা। এই শ্ৰেণীৰ নিৰাপত্তাত মুঠ ২২ জন নিৰাপত্তাৰক্ষী থাকে।
ইয়াৰে ভিতৰত ৪জনৰ পৰা ৫ জন এনএছজি কমাণ্ডো আছে। বাকীসকল দক্ষ আৰক্ষীৰ লোক। এই শ্ৰেণীৰ নিৰাপত্তাত আইটিবিপি বা চিআৰপিএফ জোৱানো থাকে।
ভাৰতত বৰ্তমান বলীউড অভিনেতা আমিৰ খান, যোগগুৰু ৰামদেৱকে ধৰি বহুকেইগৰাকীলোকক এই শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰা হৈছে।
Y শ্ৰেণীৰ নিৰাপত্তা
Y শ্ৰেণীৰ নিৰাপত্তা হৈছে তৃতীয় স্তৰৰ নিৰাপত্তা । এই নিৰাপত্তা ব্যৱস্থাত প্ৰায় ১১ জন নিৰাপত্তাৰক্ষী নিয়োজিত হৈ থাকে। ইয়াৰে ভিতৰত এজনৰ পৰা দুজন এনএছজি কমাণ্ডো আৰু বাকীসকল দক্ষ আৰক্ষী কৰ্মী। এই শ্ৰেণীৰ নিৰাপত্তাত দুজন ব্যক্তিগত সুৰক্ষা বিষয়া নিযুক্ত কৰা হয়। ভাৰতত বহুলোককে এই শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰা হয়।
Xশ্ৰেণীৰ নিৰাপত্তা
Xশ্ৰেণীৰ নিৰাপত্তা হৈছে চতুৰ্থ শ্ৰেণীৰ নিৰাপত্তা । এই নিৰাপত্তা ব্যৱস্থাত ব্যক্তিজনৰ সুৰক্ষাৰ বাবে দুজন নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয়। এই শ্ৰেণীৰ নিৰাপত্তাব্যৱস্থাত কোনো এনএছজি কমাণ্ডো নাথাকে। ইয়াৰ পৰিৱৰ্তে থাকে আৰক্ষীৰ লোক। তেওঁলোকৰে এজনক ব্যক্তিগত সুৰক্ষা বিষয়া হিচাপে নিয়োগ কৰা হয় । ভাৰতত এই শ্ৰেণীৰ নিৰাপত্তা বহুতকে প্ৰদান কৰা হয়।