নিউজ ডেস্কঃ হোৱাটছএপে জুলাই মাহত ভাৰতত প্ৰায় ২৪ লাখ ভাৰতীয়ৰ একাউণ্টৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। Metaৰ মালিকানাধীন হোৱাটছএপে কৈছিল যে ভাৰতৰ ১৪ লাখ একাউণ্ট নিষিদ্ধ কৰিছে আৰু এই একাউণ্টবোৰৰ ব্যৱহাৰকাৰীসকলৰ পৰা কোনো প্ৰতিবেদন পোৱা নাই। ছচিয়েল মিডিয়া ছাইট ফেচবুক আৰু ইনষ্টাগ্ৰামে জুলাই মাহত ভাৰতৰ প্ৰায় ২.৭ কোটি পোষ্ট আঁতৰাই দিছিল।
হোৱাটছএপে জুন মাহত ২২.১০লাখ হোৱাটছএপ একাউন্ট নিষিদ্ধ কৰিছে আনহাতে জুলাই মাহত ২৩,৮৭,০০০ লাখ ভাৰতীয়ৰ একাউণ্ট ব্লক কৰিছিল। কোম্পানীৰ অভিযোগ যে ব্যৱহাৰকাৰীয়ে চৰ্তাৱলী উলংঘা কৰা বাবে একাউণ্টবোৰ চিনাক্ত কৰি নিষিদ্ধ কৰা হৈছে। মাৰ্চৰ পৰা হোৱাটছএপৰ দ্বাৰা নিষিদ্ধ কৰা একাউণ্টৰ সংখ্য সৰ্বাধিক। মাৰ্চত ১৮ লাখতকৈও অধিক একাউণ্ট নিষিদ্ধ কৰা হৈছিল। এপ্ৰিলত নিষিদ্ধ কৰা হৈছিল ১৬ লাখ একাউণ্ট আৰু মে’ত প্ৰায় ১৯ লাখ একাউণ্ট নিষিদ্ধ কৰা হৈছিল।
হোৱাটছএপ কোম্পানীটোৱে কৈছিল যে তেওঁলোকে ইয়াৰে ২৭ টা একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। হোৱাটছএপে IT নিয়ম ২০২১ অনুযায়ী ফেচবুকৰ পৰা ২.৫ কোটি পোষ্ট আৰু ইনষ্টাগ্ৰামৰ ২০লাখ পোষ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।