নিউজ ডেস্কঃ জনপ্ৰিয় ম’বাইল এপ হোৱাটছএপ বিশ্বব্যাপী কোটি কোটি লোকে ব্যৱহাৰ কৰে। পিছে এটা খবৰে এতিয়া চিন্তিত কৰি তুলিছে হোৱাটছএপ ব্যৱহাৰকাৰীসকলক।  ১ নৱেম্বৰৰ পৰা কোম্পানীটোৱে কিছুমান স্মাৰ্টফোনত কাম কৰা বন্ধ কৰি দিব।

৪৩টা ম’বাইল কোম্পানীৰ গ্ৰাহকে লাভ নকৰিব হোৱাটছএপৰ সুবিধা। একাংশ Android আৰু I-Phone ত বন্ধ হ’ব হোৱাটছএপ ।

গতিকে আপোনাৰ স্মাৰ্টফোনটো পুৰণি অপাৰেটিং চিষ্টেমত চলি আছে যদি যিমান সম্ভৱ সোনকালে আপডেট কৰিবলৈ হোৱাটছএপ কোম্পানীটোৱে অনুৰোধ কৰিছে। অন্যথা আপুনি ১ নৱেম্বৰৰ পিছত সেই স্মাৰ্টফোনত হোৱাটছএপ ব্যৱহাৰ কৰিব নোৱাৰিব।

লগতে পঢ়কঃ৫বছৰৰ মূৰত আজি ডুবাইত ভাৰতৰ সন্মুখত পাকিস্তান

১ নৱেম্বৰৰ পিছৰে পৰা কোম্পানীটোৱে এণ্ড্ৰইড সংস্কৰণ 4.0.4 বা তাতকৈ কম সংস্কৰণত চলা এণ্ড্ৰইড ফোন সমৰ্থন নকৰে। গতিকে আপুনি হোৱাটছএপ ব্যৱহাৰ কৰিবলৈ আপোনাৰ ফোনটো পুৰণি সংস্কৰণৰ পৰা নতুন সংস্কৰণলৈ আপগ্ৰেড কৰিব লাগিব।

. যদি আপুনি  iOS 9 বা KaiOS 2.5.0.ৰ আধাৰিত স্মাৰ্টফোন ব্যৱহাৰ কৰি আছে তেনেহ’লে ইয়াতো হোৱাটছএপ বন্ধ হৈ যাব।

প্ৰতিবেদন অনুসৰি, কোম্পানীটোৱে ৪৩ টা কোম্পানীৰ এণ্ড্ৰইড আৰু আইঅএছ স্মাৰ্টফোনত হোৱাটছএপৰ সুবিধা বন্ধ কৰি দিব।

Apple iPhone SE, iPhone 6S, iPhone 6S Plus, Samsung ৰ Galaxy Trend II, Galaxy SII, Galaxy S3 mini, Galaxy Xcover 2, Galaxy Core আৰু Galaxy Ace 2, LGৰ Lucid 2, Optimus F7, Optimus F5, Optimus L3 II Dual, Optimus F5, Optimus L5, Optimus L5 II, Optimus L5 Dual, Optimus L3 II, Optimus L7, Optimus L7 II Dual, Optimus L7 II, Optimus F6 Enact, Optimus L4 II Dual, Optimus F3, Optimus L4 II, Optimus L2 II, Optimus Nitro HD, 4X HD , Optimus F3Q, ZTE Grand S Flex, ZTE V956, Grand X Quad V987, Grand Memo, Huawei Ascend G740, Ascend Mate, Ascend D Quad XL, Ascend D1 Quad XL, Ascend P1 S, Ascend D2 এই ফোন সমূহত বন্ধ হ’ব হোৱাটছএপ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply