নিউজ ডেস্কঃ আগে আগে এখন এম্বুলেন্স। এম্বুলেন্সখনৰ পাছে পাছে দৌৰিছে এটা ঘোঁৰাই।

ৰাজস্থানৰ উদয়পুৰৰ ৰাজপথত দেখা গৈছিল এনে এটা বিৰল দৃশ্য। এই ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

উদয়পুৰ চহৰৰ হৰিদাসজী মাগাৰীৰ এজন বাসিন্দাই ৰাস্তাত এটা ঘোঁৰা আঘাতপ্ৰাপ্ত অৱস্থাত পৰি থকা দেখিছিল। তেওঁ Animal Aid Societyক এই বিষয়ে অৱগত কৰিছিল।

ইয়াৰ পিছতে সংগঠনটোৰ স্বেচ্ছাসেৱকসকলে আহি আঘাতপ্ৰাপ্ত ঘোঁৰাটোক এম্বুলেন্সত ভৰাই চিকিৎসালয়লৈ লৈ যায়।

কিন্তু আশ্চৰ্যজনক, এম্বুলেন্সখনৰ পিছে পিছে এটা ঘোঁৰা দৌৰি থকা চালকজনে প্ৰত্যক্ষ কৰে। এইদৰে ঘোঁৰাটোৱে প্ৰায় ৮ কিলোমিটাৰ এম্বুলেন্সৰ পিছে পিছে দৌৰি দৌৰি পশু চিকিৎসালয়ত উপস্থিত হয়গৈ।

দৰাচলতে আঘাতপ্ৰাপ্ত ঘোঁৰাটো আছিল এই ঘোঁৰাটোৰ সংগী। বৰ্তমান আঘাতপ্ৰাপ্ত ঘোঁৰাটোৰ চিকিৎসা চলি আছে। ঘোঁৰাটোৰ সংগীকো চিকিৎসালয়ৰ চৌহদত ৰখা হৈছে।

এইয়াই হৈছে বন্ধুত্ব। এই দৃশ্যই ‘বন্ধুত্ব’ৰ এখন সুন্দৰ ছবিক বৰ্ণনা কৰিছে।

লগতে পঢ়কঃছেটেলাইট ফটোঃ ইউক্ৰেইন সীমান্তত ৰাছিয়াৰ ফিল্ড হাস্পতাল নিৰ্মাণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply