নিউজ ডেস্ক : তালিবানৰ কোনটো চৰিত্ৰ সঁচা ? সলনি হৈছে নেকি তালিবানৰ চৰিত্ৰ ইয়াকে লৈ চলিছে এতিয়া চৰ্চা। পূৰ্বৰ তালিবানৰ চৰিত্ৰ আৰু বৰ্তমান তালিবানে বিশ্ববাসীৰ ওচৰত দেখুৱাবলৈ চেষ্টা কৰা চৰিত্ৰৰ কোনটো সঁচা। এইবাৰ আফগানিস্তান দখল কৰি তালিবানে সলনি কৰিব বিচাৰিছে নেকি নিজৰ পূৰ্বৰ চৰিত্ৰ।
আফগানিস্তান দখল কৰাৰ পিছত তালিবানে মঙলবাৰে আফগানিস্তাত সকলোৰে জনসাধাৰণৰ বাবে ‘সাধাৰণ ক্ষমা’ ঘোষণা কৰিছে। এজন তালিবান বিষয়াই আফগানিস্তানৰ জনসাধাৰণৰ বাবে ‘সাধাৰণ ক্ষমা’ ঘোষণা কৰাৰ লগতে মহিলাসকলক চৰকাৰত যোগদান কৰিবলৈ আহ্বান জনাইছে।
ইছলামিক আমিৰাত সংস্কৃতি আয়ুক্তৰ সদস্য এনামুল্লা চামংগনীয়ে মঙলবাৰে আফগান চৰকাৰী টিভিট এই মন্তব্য কৰে। আফগানিস্তানৰ চৰকাৰী টিভি এতিয়া তালিবানৰ নিয়ন্ত্ৰণত আছে। ইছলামিক আমিৰাতে মহিলাসকলে কষ্ট পোৱাটো নিবিচাৰে বুলিও তালিবানৰ বিষয়াজনে উল্লেখ কৰিছে।
এনামুল্লা চামংগনীয়ে পুনৰ কৈছে, তালিবানে আফগানিস্তানৰ বাবে ইছলামিক আমিৰাত ব্যৱহাৰ কৰে। চৰকাৰৰ গাঁথনি সম্পূৰ্ণৰূপে পৰিষ্কাৰ নহয়, কিন্তু আমাৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত কৰি ইয়াত সম্পূৰ্ণ ইছলামিক নেতৃত্ব থাকিব লাগে আৰু সকলো পক্ষ জড়িত হ’ব লাগে। ইয়াৰ উপৰিও তালিবানৰ ফালৰ পৰা কোৱা হৈছে টিভি চেনেলত মহিলাই বাতৰি পৰিবেশন কৰাকলৈয়ো কোনো আপত্তি নাই।
আনহাতে দেশখনৰ নাগৰিককো তালিবানে নিজৰ নিজৰ কৰ্মস্থলীলৈ আহিবলৈ আহ্বান জনাইছে। তালিবানৰ এই আহ্বানৰ পিছতে মঙলবাৰে দেশখনৰ ৰাজপথত যান বাহন আৰক্ষীক কৰ্মত ব্যস্ত থকা দেখিবলৈ পোৱা যায়। তালিবানৰ এই সমূহ ঘোষণাৰ পিছতে সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া আফগানিস্তানৰ তালিবানি শাসনৰ ওপৰত।
লগতে পঢ়ক : আৰক্ষীৰ জালত পৰিল লাভ জেহাদৰ বলি হোৱা তেজপুৰৰ যুৱতীৰ মৃত্যুৰ ঘটনাৰ মূল নায়ক
এৰিয়া প্ৰশ্ন উথাপন হৈছে যে পূৰ্বে আফগানিস্তানবাসীৰ ওপৰত অত্যাচাৰ চলাই শাসন কৰা তালিবান এইবাৰ নম্ৰ হৈছে নেকি। মহিলা সকলক সকলো অধিকাৰ পৰা বঞ্চিত ৰাখি মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা তালিবান এতিয়া চৰকাৰ চলাই নিয়াত মহিলাৰ সহযোগ বিচাৰিছে। সঁচাকৈ তালিবান সলনি হৈছে নে বিশ্ববাসীৰ আগত তালিবানে নিজৰ অন্য এক ৰূপ দাঙি ধৰাৰ চেষ্টা চলাইছে ?