নিউজ ডেস্কঃ যদি আপুনি কোভিড ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পাছত বিনা মাস্ক, সামাজিক দূৰত্ব অবিহনে ঘূৰি ফুৰিছে তেনেহ’লে এতিয়া সাৱধান হোৱা উচিত। কিয়নো ভাৰতত প্ৰদান কৰা অধিকাংশ কোভিশ্বিল্ড ভেকচিনেই আছিল ভুৱা।

বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্ক কৰি দিছে যে তেওঁলোকে ভাৰত আৰু উগাণ্ডাত বহু পৰিমাণে ভুৱা কভিশ্বিল্ড ভেকছিন পাইছে।

বিশ্ব স্বাস্থ্য সংস্থাই ভুৱা কভিশ্বিল্ড ভেকচিনৰ ওপৰত সতৰ্কবাণী জাৰি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১ চনৰ জুলাই আৰু আগষ্ট মাহত ভাৰতৰ পৰা সংগ্ৰহ কৰা কোভিশ্বিল্ড ভেকচিনৰ নমুনা পৰীক্ষা কৰি সেইবোৰৰ প্ৰায় ভাগেই ভুৱা ভেকচিন বুলি প্ৰমাণ পোৱা গৈছে।

লগতে পঢ়কঃৰাজ্যত ১১ শতাংশ লোকে দুই পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে : স্বাস্থ্য মন্ত্ৰী

পৰৱৰ্তী সময়ত, কভিশ্বিল্ড ভেকছিন প্ৰস্তুত কৰা চিৰাম ইনষ্টিটিউটেও এই কথা স্বীকাৰ কৰিছে।

সেইবাবেই ছেৰাম ইনষ্টিটিউটে আনকি কোভিশ্বিল্ড ভেকচিন লোৱা সকলে ইচ্ছা কৰিলে তৃতীয় এপালি ভেকচিন ল’ব পাৰে বুলিও উল্লেখ কৰিছে।

এতিয়া বিশ্ব স্বাস্থ্য সংস্থাই সকলো স্বাস্থ্য কেন্দ্ৰ, যোগানকৰ্তা, বিতৰকসকলক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। অনুজ্ঞাপত্ৰ থকা আৰু যিসকলক ভেকচিন দিয়াৰ কৰ্তৃত্ব দিয়া হৈছে তেওঁলোকৰ পৰাহে ভেকচিন সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছে।

লগতে যিসকল যোগানকৰ্তা, বিতৰকৰ লগত এই ভুৱা ভেকচিন আছে তেওঁলোকে যাতে সেইবোৰ প্ৰদান নকৰে তাৰবাবে সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই ।

দেশত বৰ্তমানলৈকে ৰাষ্ট্ৰজোৰা কভিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত ৫৬ কোটি ৬৪ লাখৰো অধিক পালি প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, যোৱা ২৪ ঘণ্টাত ৫৬ লাখ ৩৬ হাজাৰৰো অধিক পালি প্ৰদান কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply