নিউজ ডেস্ক : কিয় দেশ এৰিছে ভাৰতীয় নাগৰিকে। ২০১৭ চনৰ পৰা ২০২১ চনলৈ বৃহৎ সংখ্যক ভাৰতীয় নাগৰিকে এৰিলে দেশ। বৃহৎ সংখ্যক লোকে ভাৰত এৰিছে যদিও বাংলাদেশ, পাকিস্তান, আফগানিস্তান, শ্ৰীলংকাৰ লগতে আমেৰিকাৰ নাগৰিকে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন জনাইছে।
কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে কেৰেলাৰ সাংসদ হিবি ইডেনে সংসদত কৰা এক প্ৰশ্নৰ উত্তৰত ২০১৭ চনৰ পৰা ২০২১ পৰ্যন্ত দেশ এৰি যোৱা আৰু ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন কৰা লোকৰ এক তথ্য দাঙি ধৰিছে। এই তথ্য অনুসৰি ২০১৭ চনৰ পৰা ২০২১ চনৰ ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ৬ লাখৰো অধিক লোকে দেশ এৰিছে।
২০১৭ চনৰ পৰা ২০২১ চনৰ ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ৬,০৮,১৬২ জন ভাৰতীয়ই নাগৰিকত্ব এৰিছে। অৱশ্যে এই সময়ছোৱাত ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন জনোৱা অন্য দেশৰ লোকে সংখ্যা হৈছে ১০,৬৪৫ জন। আনহাতে ২০১৬ চনৰ পৰা ২০২০ চনলৈকে ৭,৭৮২ জন পাকিস্তানৰ নাগৰিকে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন কৰিছে।
ইফালে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা যোৱা ৫ বছৰত মাত্ৰ ১৮৪ জন লোকেহে ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন জনাইছে। ২০১৬ চনত ৫৪ জন, ২০১৭ চনত ৪৬ জন, ২০১৮ চনত ১৯ জন, ২০১৯ চনত ৩৭ জন আৰু ২০২০ চনত ২৮ জন বাংলাদেশী নাগৰিকে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন জনাইছে।
পাকিস্তান আৰু বাংলাদেশৰ লগতে যোৱা ৫ বছৰত আফগানিস্তান, শ্ৰীলংকা আৰু আমেৰিকাৰ নাগৰিকেও ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন জনাইছে। যোৱা ৫ বছৰত আফগানিস্তানৰ ৭৯৫ জন, শ্ৰীলংকাৰ ২০৫ জন আৰু আমেৰিকাৰ ২২৭ জন নাগৰিকে ভাৰতৰ নাগৰিকত্ব বিচাৰি আবেদন জনাইছে।
ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান, বাংলাদেশ আৰু শ্ৰীলংকাৰ লগতে আমেৰিকাৰ নাগৰিকেও ভাৰতৰ নাগৰিকত্ব বিচাৰিছে যদিও এক বৃহৎ সংখ্যক ভাৰতীয় নাগৰিকে দেশ এৰিছে। ২০১৭ চনত ১,৩৩,০৪৯ জন, ২০১৮ চনত ১,৩৪,৫৬১ জন, ২০১৯ চনত ১,৪৪,০১৭ জন, ২০২০ চনত ৮৫,২৪৮ জন আৰু ২০২১ চনৰ ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ১,১১,২৮৭ জন ভাৰতীয় নাগৰিকে ভাৰত এৰিব বিচাৰিছে।
উল্লেখ্য যে ২০১৭ চনৰ পৰা ২০১৯ চনলৈ ভাৰত এৰিব বিচৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে। ২০২০ আৰু ২০২১ চনত ক’ভিডৰ এই সংখ্যা হয়তো কিছু হ্ৰাস পাইছে। আনফালে বৰ্তমানলৈকে ১ কোটি ৩৩ লাখ ৮৩ হাজাৰ ৭১৮ জন ভাৰতীয় নাগৰিকে বিদেশত বসবাস কৰি আছে। এই সকল লোকে কিন্ত ভাৰতীয় নাগৰিকত্ব এৰা নাই।
লগতে পঢ়ক : উদ্যোগপতি-সমাজকৰ্মী ৰতন টাটালৈ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান
ইফালে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশকে ধৰি অন্য দেশত থকা পাঁচটাকৈ সংখ্যালঘু লোক নিৰ্যাতনৰ বলি হৈ ভাৰতত আশ্ৰয় বিচাৰিলে সেই সকল সংখ্যালঘু লোকক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে নাগৰিকত্ব সংশোধনী আইন প্ৰৱৰ্তন কৰা হৈছে। এই আইনৰ জাননী জাৰি কৰা হৈছিল যদিও এতিয়ালৈকে আইনখনৰ বিধি নিয়ম প্ৰস্তুত কৰা হোৱা নাই।