নিউজ ডেস্কঃ ভাৰতীয় ৰে’ল বিভাগৰ বিৰুদ্ধে চীনা প্ৰতিষ্ঠানৰ গোচৰ। ইণ্টাৰনেচনেল চেম্বাৰ অব কমাৰ্ছ ৰুলৰ অধীনত ছিংগাপুৰত তৰা হৈছে এই গোচৰ। চীন ৰেলৱে ছিগনেলিং এণ্ড কমিউনিকেশ্বন নামৰ এটা চীনা কোম্পানীয়ে ভাৰতত কানপুৰ আৰু মোগলচৰাইৰ মাজত ছিগনেলিং আৰু যোগাযোগ ব্যৱস্থা স্থাপনৰ চুক্তি লাভ কৰিছিল। ৪১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ চুক্তিৰ ঠিকা দিয়া হৈছিল ৪৭১ কোটি টকা।
অৱশ্যে, ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কৰ অৱনতিৰ সময়ত ২০২০ চনত ডিএফচিচিআইএল-ৰ দ্বাৰা চুক্তিবাতিল কৰা হৈছিল। নিগমৰ মতে, এই পথটোত কোম্পানীটোৰ কাম নিম্নমানৰ আছিল। যাৰ বাবে এই চুক্তি বাতিল কৰা হৈছিল। এতিয়া এই ক্ষেত্ৰত, চীনা কোম্পানীটো আন্তৰ্জাতিক ন্যায়াধিকৰণৰ দ্বাৰস্থ হৈছে আৰু লোকচানৰ কথা উল্লেখ কৰি ভাৰতীয় ৰে’লৰ পৰা ২৭৯ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিছে।
পিছে ভাৰতীয় ৰেল বিভাগেও এই ক্ষেত্ৰত আক্ৰমণাত্মক সঁহাৰি জনাইছে। কাম লেহেমীয়া হোৱাৰ ফলত হোৱা লোকচানৰ ওপৰত আধাৰিত কৰি, ডিএফচিচিআইএল-এ চীনা কোম্পানীৰ ওপৰতহে ৭১ কোটি টকা দাবী কৰিছে ভাৰতীয় ৰেলবিভাগে। এই বিষয়টো ছিংগাপুৰৰ আন্তৰ্জাতিক চেম্বাৰ অফ কমাৰ্চৰ নিয়মৰ অধীনত নিষ্পত্তি কৰা হ’ব। ২০২০ চনত, কেইবাটাও চীনা কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছিল। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি, তেতিয়াৰ পৰা চীনা কোম্পানীবোৰৰ সৈতে সম্পৰ্কিত বিনিয়োগ আৰু ব্যৱসায় সম্পৰ্কীয় নিয়মবোৰো কঠোৰ কৰা হৈছে।