নিউজ ডেস্ক : এক ভাল খবৰ, দেশত ক্ৰমাৎ নিম্নগামী হ’বলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ হাৰ। দেওবাৰে ভাৰতত যোৱা ৮৮ দিনৰ ভিতৰত আটাইতকৈ কম সংখ্যক লোকৰ দেহত ক’ভিড ১৯ ধৰা পৰে।
দেওবাৰৰ দিনটোত ভাৰতত ৫০,২৫৬ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ৩.৮৩ শতাংশ।
কালি মুঠ ১৩,৮৮,৬৯৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়।
বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ২,৯৯,৩৫,২২১ গৰাকী আৰু আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ৭,০২,৮৮৭ গৰাকী।
বৰ্তমান আক্ৰান্তৰ হাৰ হৈছে মুঠ সংক্ৰমণৰ ২.৩৫ শতাংশ।
লগতে পঢ়ক : দুৰ্দান্ত লালৰেছিয়ামি; প্ৰথম গৰাকী মিজো মহিলা অলিম্পিয়ান
যোৱা ২৪ ঘণ্টাত ১,৪২২ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৮৮,১৩৫ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে। যোৱা ৬৫ দিনৰ ভিতৰত কালিৰ দিনটোতে আটাইতকৈ কম সংখ্যক লোকৰ মৃত্যু হয়।
মৃত্যু হোৱা ১,৪২২ গৰাকী লোকৰ ভিতৰত ৬০৫ গৰাকী মহাৰাষ্ট্ৰৰ, ১৮২ গৰাকী তামিলনাডুৰ আৰু ১২০ গৰাকী কৰ্ণাটকৰ আৰু ১১২ গৰাকী কেৰেলাৰ।
উল্লেখযোগ্য এই পৰ্য্যন্ত দেশৰ ২৮,০০,৩৬,৮৯৮ গৰাকী লোকক ক’ভিডৰ টীকাকৰণ কৰা হৈছে।