নিউজ ডেস্ক : Narcotics Control Bureau (এন চি বি)-এ গ্ৰেপ্তাৰ কৰা বলিউডৰ বাদশ্বাহ ছাহৰুখ খানৰ পুত্ৰৰ গোচৰৰ নতুন তথ্য পোহৰলৈ আহিছে। গোচৰটোৰ এগৰাকী সাক্ষীৰ মতে পুত্ৰ আৰিয়ান খানক মুকলি কৰি দিয়াৰ বাবদ এন চি বিয়ে ছাহৰুখ খানৰ পৰা ২৫ কোটি টকা দাবী কৰিছে।
দেওবাৰে প্ৰভাকৰ ছেইল নামৰ গোচৰটোৰ এগৰাকী সাক্ষীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে Narcotics Control Bureau-ৰ লগতে আন কেইজনমান লোকে ছাহৰুখ খানক পুত্ৰৰ মুকলি বাবদ ২৫ কোটি টকা দাবী কৰি পিছত ১৮ কোটি টকাত মান্তি হৈছিল।
ছেইলৰ মতে এন চি বিৰ এজন বিষয়া, কে পি গোছাবি নামৰ অন্য এজন সাক্ষী আৰু ছেম ডি’ছোজা নামৰ এজন লোকে ছাহৰুখ খানক ধনৰ বিনিময়ত গোচৰটো নিষ্পত্তি কৰি দিয়াৰ প্ৰস্তাৱ আগবাঢ়াইছিল।
প্ৰভাকৰ ছেইলে কোৱা মতে তেওঁ গোছাবি আৰু ডি’ছোজাৰ মাজত ফোনত হোৱা কথোপকথন শুনা পাইছিল।
‘ফোনত গোছাবিয়ে ডি’ছোজাক ২৫ কোটি টকা দাবী কৰি শেষত ১৮ টকাত মিতমাত হোৱা বুলি জনাইছিল। গোছাবিয়ে কোৱে মতে উক্ত ১৮ কোটিৰ ৮ কোটি টকা এন চি বিৰ সমীৰ ৱাংখেৰ নামৰ এজন বিষয়াক দিয়া হ’ব,’ প্ৰভাকৰ ছেইলে কয়।
ইয়াৰ উপৰি এন চি বিৰ বিষয়াসকলে তেওঁক ৯-১০ খন উকা কাগজত চহী কৰিবলৈ কৈছিল বুলি প্ৰভাকৰে লগতে কয়। জানিব পৰা মতে প্ৰভাকৰ ছেইল নামৰ সাক্ষী গৰাকী কে পি গোছাবিৰ ব্যক্তিগত দেহৰক্ষী।
অৱশ্যে Narcotics Control Bureau-ৰ বিষয়া সমীৰ ৱাংখেৰে উক্ত অভিযোগ পোনচাতেই নাকচ কৰিছে। ৱাংখেৰৰ মতে এন চি বিৰ কামত হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে এনে মিছা অপবাদ অনা হৈছে।
আনহাতে এন চি বিয়ে কয় যে যিহেতু গোচৰটো বিচাৰধীন হৈ আছে গতিকে এই সম্পৰ্কত কিবা ক’ব লগা থাকিলে ছেইলে আদালতত আৱেদন জনোৱা উচিত।
লগতে পঢ়ক : পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কেব চালক সকলৰ প্ৰতিবাদ