নিউজ ডেস্কঃ ফেক্টৰীত কাম কৰা লোকসকলৰ জীৱন সদায় বিপদসংকুল। কোন সময়ত কেতিয়া বিপদৰ সন্মুখীন হৈ মৃত্যুৰ কাৰণ হৈ পৰিব পাৰে সেইয়া কোনেও ভাবিব নোৱাৰে। তেনে এক ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থ কেৰোলিনাৰ ‘অটোমেটিক ৰোলছ’ নামৰ ব্ৰেড ফেক্টৰীটোত। ২২ বছৰীয়া বিবিয়ানা আৰেলানো ডেলাব্ৰা নামৰ এগৰাকী যুৱতী ফেক্টৰীটোত কাম কৰি থকা অৱস্থাতে মেছিনৰ পৰা পিছলি মৃত্যুক আকোৱালি ল’ব লগা হয়।
বিবিয়ানাই এটা ডাঙৰ ব্ৰেড মিক্সিং মেচিন চলাই থকাৰ সময়তে দুৰ্ঘটনা সংঘটিত হয়। অৱশ্যে কি পৰিস্থিতিত এই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে এই সন্দৰ্ভত জানিব পৰা হোৱা নাই। Occupational Safety and Health Administration য়ে ঘটনাৰ তদন্তত সম্পূৰ্ণ সহযোগিতা কৰিব আৰু দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হৈছিল তাৰ অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে।
এই শোকাবহ ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ফেক্টৰীটো অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে।