নিউজ ডেস্কঃ এগৰাকী মাছমৰীয়া মহিলাৰ জালত পৰিল এটা প্ৰকাণ্ড ব্লু ফিন টুনা মাছ। ৪৫০ কিলোগ্ৰাম ওজনৰ ব্লু ফিন টুনা মাছটো ধৰাটো এগৰাকী মহিলাৰ পক্ষে সাধাৰণতে সম্ভৱ নহয়।

মহিলাগৰাকীয়ে কৌশলেৰে ধৰি নাওখনত কঢ়িয়াই অনা দৈত্য আকৃতিৰ মাছটোৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

বৃহৎ মাছটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছেল বানচাউথজ চিচেল নামৰ এগৰাকী মহিলা মাছমৰীয়াৰ জালত ধৰা পৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেম্পছায়াৰৰ হেম্পটন বীচত মহিলাগৰাকীয়ে মৎস্য চিকাৰ কৰি থকা সময়ত জালত পৰিছিল।

এই বিলুপ্তপ্ৰায় প্ৰজাতিৰ এই মাছটোৰ মূল্য কেইবা কোটি টকা। মিছেল বানচাউথজ চিচেলে তেওঁৰ ইনষ্টাগ্ৰামত কেনেদৰে মাছটো ধৰি নাওখনলৈ টানি আনিছিল তাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ইয়াৰ পিছতেই মুহূৰ্ততে ভাইৰেল হৈ পৰে ভিডিঅ’টো।

ইয়াৰ পূৰ্বেও বহুকেইটা বৃহৎ মাছ মিছেল বানচাউথজ চিচেলৰ ধৰাৰ অভিজ্ঞতা আছে। ২০১৯ চনত ২৭৮ কেজি আৰু ২০২১ চনৰ অক্টোবৰত ৬৪৩ কেজি ওজনৰ ব্লু ফিন টুনা মাছ ধৰি সংবাদমাধ্যমৰ শিৰোনামা দখল কৰিছিল। ২০১৯ চনত ধৰা ব্লু ফিন টুনা মাছটো ৩১ লাখ ডলাৰত অৰ্থাত ভাৰতীয় মুদ্ৰাত ২৩.২৩ কোটি ৩১,000 টকাত বিক্ৰী হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply