নিউজ ডেস্ক: বিশ্ব বেংকে যুদ্ধবিধ্বস্ত ইউক্ৰেইনলৈ ৩ বিলিয়ন মাৰ্কিন ডলাৰ সাহায্য ঘোষণা কৰিছে, ইয়াৰে প্ৰায় ৩৫০ মিলিয়ন মাৰ্কিন ডলাৰ দেশখনলৈ তৎকালীন পুঁজি হিচাপে আগবঢ়োৱা হৈছে।
মঙলবাৰে বিশ্ব বেংকৰ অধ্যক্ষ ডেভিদ মালপাছ (David Malpass) আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ (IMF)ৰ পৰিচালন সঞ্চালক খ্ৰিছটালিনা জৰ্জিয়েভা (Kristalina Georgieva)-এ এই ঘোষণা কৰে।
এক যুটীয়া বিবৃতিত তেওঁলোকে কয় যে এই সাহায্য পুজিৰ প্ৰথম কিস্তিৰ অনুমোদনৰ বাবে চলিত সপ্তাহতে বৰ্ডৰ ওচৰত দাখিল কৰা হ’ব। পৰৱৰ্তী পৰ্য্যায়ত স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰত দ্ৰুত বিতৰণৰ উদ্দেশ্যে ২০০ মিলিয়ন মাৰ্কিন ডলাৰ পুজি আগবঢ়োৱা হ’ব।
উল্লেখযোগ্য যে আন্তৰ্জাতিক মুদ্ৰানিধি আৰু বিশ্ব বেংকে ইউক্ৰেইনক সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল আৰু ইতিমধ্য তেওঁলোকে উক্ত প্ৰতিশ্ৰুতি পালনৰ কাম আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক – ৰাছিয়াৰ আক্ৰমনত নিহত ভাৰতীয় ছাত্ৰ, মৃতদেহ ঘূৰাই আনিবলৈ অনুৰোধ পিতৃৰ