নিউজ ডেস্কঃ আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস। সমগ্ৰ বিশ্বত প্ৰতি বছৰে প্ৰায় ৮লাখ লোকে আত্মহত্যাৰ পথ বাচি লয়। ‘ন্যাচনেল ক্রাইম ষ্টেচন ব্যুৰো’ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২১ চনত ভাৰতত ১,৬৪,০৩৩ জন লোকে আত্মহত্যা কৰিছিল। সেইসকলৰ ভিতৰত কৃষক, নিবনুৱা, শিক্ষাৰ্থী, গৃহিনীৰ আত্মহত্যাৰ হাৰ সৰ্বাধিক। ইয়াৰ উপৰিও, কিশোৰ আৰু ১৮-৩০ বছৰীয়া যুৱকৰ আত্মহত্যা কৰাৰ প্ৰৱণতা সচৰাচৰ বেছি দেখা যায়।

এই সন্দৰ্ভত মনোৰোগ বিশেষজ্ঞই কয় যে কিশোৰসকলৰ মাজত আত্মহত্যাৰ প্ৰৱণতা আটাইতকৈ বেছি। ইয়াৰ প্ৰধান কাৰণটো হৈছে প্ৰেমজনিত কাৰণ। এই বয়সৰ লোকসকল মানসিকভাৱে প্ৰেমৰ লগত বেছি জড়িত। বহুক্ষেত্ৰত, দেখা যায় যে এটা সম্পৰ্কক কেন্দ্ৰ কৰি তেওঁলোকে এটা ডাঙৰ সিদ্ধান্ত লৈ লয়। প্ৰেমৰ সম্পৰ্কৰ উপৰিও, অধ্যয়ন সম্পৰ্কীয় বিষয়বোৰৰ বাবে এই বয়সত বেছি চাপত থকা দেখা যায়। উদাহৰণ স্বৰূপে, কিশোৰ-কিশোৰীসকলে পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ বাবে, আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে আত্মহত্যাৰ পথ বাছি লৈছে।

কিশোৰৰ দৰে ১৮-৩০ বছৰীয়া লোকৰ মাজত আত্মহত্যাৰ বাবে প্ৰেমৰ সম্পৰ্কই দায়ী বুলি বিশেষজ্ঞ সকলে ক’ব খোজে। প্ৰেমৰ সম্পৰ্ক, বিবাহ বিচ্ছেদ – এনে ঘটনাই আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি কৰিছে। ১৮-৩০ বছৰ বয়সৰ মহিলাৰ মাজত আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি হোৱাৰ বাবে বিবাহ সম্পৰ্কীয় সমস্যাবোৰে মূলত দায়ী।

ইয়াৰ বাহিৰেও দেখা যায় কিশোৰ বা ১৮-৩০ বছৰ বয়সৰ লোকসকলৰ মাজত নিজক ক্ষতি কৰাৰ প্ৰৱণতা আটাইতকৈ বেছি। এক গৱেষণাত দেখা গৈছে যে আত্মহত্যা কৰিবলৈ কীটনাশক বা বিহ তেওঁলোকে সেৱন নকৰে, হয়তো নিজৰ অলপ ক্ষতি কৰিব বিচাৰিছিল। কিন্তু কীটনাশক দ্ৰব্যৰ তীব্ৰতা ইমান বেছি আছিল যে তেওঁলোকে পান কৰাৰ পাছত তেওঁলোকক বচোৱাৰ উপায় নাছিল। কিশোৰ- কিশোৰ, ১৮-৩০ বছৰীয়া লোকৰ মাজত এনে আত্মহত্যাৰ সংখ্যা অধিক। এই ধৰণৰ আত্মহত্যাক ‘আৱেগিক আত্মহত্যা’ বুলি কোৱা হয়।

আনহাতে, যদি সমগ্ৰ বিশ্বত আত্মহত্যাৰ তথ্য বিশ্লেষণ কৰা হয়, তেন্তে দেখা যায় যে মহিলাসকলে আত্মহত্যাৰ পথ অধিক বাছনি কৰে,কিন্তু আত্মহত্যাৰ ফলত হোৱা মৃত্যু পুৰুষৰ ক্ষেত্ৰত অধিক হয়। কিয়নো পুৰুষসকলে বাছনি কৰা আত্মহত্যাৰ পথটো বহুত বেছি বিপদজনক আৰু মৃত্যুৰ সম্ভাৱনা বহুত বেছি।

বিদেশৰ বেছিভাগ লোকে আত্মহত্যাৰ বাবে ‘গান শ্বট’ বাছনি কৰে। এনেধৰণৰ লোকক সচৰাচৰ বচাব নোৱাৰি। কিন্তু মহিলাসকলে সাধাৰণতে এটা পিল বা টেবলেটৰ সহায় লয়। কিছুবছৰ পূৰ্বলৈকে ভাৰতত পুৰুষ আৰু মহিলাৰ আত্মহত্যাৰ হাৰ প্ৰায় সমান আছিল। গৃহিনীসকলৰ মাজত আত্মহত্যাৰ সংখ্যা আটাইতকৈ বেছি দেখা গৈছিল। যৌতুক, ঘৰুৱা হিংসাৰ বলী আদিয়ে মহিলাসকলৰ আত্মহত্যাৰ মূল কাৰণ বুলি সমীক্ষাত প্ৰকাশ পাইছে। আনহাতে, পুৰুষসকলে কেৰিয়াৰৰ হেঁচাত আত্মহত্যাৰ পথ অধিক বাছনি কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply