নিউজ ডেস্ক: ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ চলাই থকাৰ মাজতে ৰাছিয়াৰ সেনা বাহিনীৰ মিছাইলত ধ্বংস হ’ল বিশ্বৰ বৃহত্তম বিমান ‘Antonov-225।।

ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডিমিত্ৰ কুলেবাই জনোৱা মতে দেওবাৰে কীয়েভৰ এটা বিমানবন্দৰত ৰুছ সেনাৰ আক্ৰমণত ধ্বংস হৈছে ‘Mriya’ নামৰ কাৰ্গ’ বিমানখন। ৰুছ ভাষাত Mriya ৰ অৰ্থ হৈছে সপোন।

ইউক্ৰেইনৰ চৰকাৰী টুইটাৰ হেণ্ডেলত দিয়া এক টুইটত লগতে কয়, ‘আমি বিমানখন পুনৰ নিৰ্মাণ কৰিম। আমি এখন শক্তিশালী, স্বাধীন আৰু গণতান্ত্ৰিক ইউক্ৰেইনৰ সপোন বাস্তৱায়িত কৰিম।’

৮৪ মিটাৰ দৈৰ্ঘ্য (২৭৬ ফুট)ৰ বিমানখনৰ ২৫০ টন মালবস্তু কঢ়িওৱাৰ ক্ষমতা আছিল। ইউক্ৰেইনৰ Antonov Airlines-ৰ অধীনত চলা উক্ত বিমানখনে প্ৰতি ঘণ্টাত ৮৫০ কিঃমিঃ বেগতগতি কৰিছিল।

লগতে পঢ়ক – ২২ জুনৰ পৰা আৰম্ভ হ’ব পাৰে কোৰোনা সংক্ৰমণৰ চতুৰ্থ ঢৌ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply