নিউজ ডেস্ক: মহাকাশ পৰ্যটনৰ ক্ষেত্ৰত এক নতুন যূগৰ সূচনা কৰি আজি মহাকাশলৈ যাত্ৰা কৰিব অনলাইন বাণিজ্যিক সংস্থা আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজ’ছ আৰু তেওঁৰ ভাতৃ মার্ক ৷

ব্লু অৰিজিন কোম্পানীৰ ৰকেটৰ পৰা মহাকাশ যাত্রা আৰম্ভ কৰিব৷ প্রথমবাৰলৈ বেজ’ছ আৰু মার্কে মহাকাশ অভিযানত অংশগ্রহণ কৰিব৷ বেজ’ছে উল্লেখ কৰা মতে পাঁচ বছৰ বয়সৰ পৰা মহাকাশত উৰণৰ তেওঁৰ সপোন দেখিছিল৷

যি সপোন আজি দিঠকত পৰিণত হোৱাৰ সময় আহি পৰিছে ৷ ভাতৃ মার্কৰ সৈতে মহাকাশলৈ যাত্রা কৰিব আমাজনৰ মুৰব্বীগৰাকীয়ে৷ বিশ্বৰ অন্যতম ধনাঢ়্য ব্যক্তিগৰাকীয়ে এই কথা সদৰী কৰিছে৷

লক্ষণীয়ভাৱে বেজ’ছ তথা অন্য দুগৰাকী ধনকুবেৰ এলন মাষ্ট আৰু ৰিচার্ড ব্রেনছনে ইতিমধ্যে মহাকাশ অভিযানৰ ৰকেটৰ নামত কেইবানিযুত ডলাৰ ব্যয় কৰিছে৷ মহাকাশযান নিউ ছেপাৰ্ডেৰে এই যাত্ৰা কৰিব ৷

ব্লু অৰিজিন মিছনৰ অধীনত আজি ভাৰতীয় সময় মতে সন্ধিয়া ৬.৩০ বজাত মহাকাশলৈ পৰ্যটক ৰূপে যাত্ৰা আৰম্ভ কৰিব ৷

লগতে পঢ়ক বলিউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply