নিউড ডেস্ক: প্ৰাক্তণ কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তণ বিজেপিৰ প্ৰবীণ নেতা যশৱন্ত সিনহাৰ তৃণমূল কংগ্ৰেছত যোগদান । পশ্চিম বংগৰ নিৰ্বাচনৰ আগতে তৃণমূল কংগ্ৰেছত যোগদান প্ৰবীণ নেতা গৰাকীৰ । কলকাতা আয়োজিত এক অনুষ্ঠানত জ্যেষ্ঠ নেতাজনে তৃণমূল কংগ্ৰেছত যোগদান কৰে ।
প্ৰবীণ নেতা গৰাকীৰ যোগদানত নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বৃদ্ধি হয় তৃণমূল কংগ্ৰেছৰ শক্তি । যোগদান অনুষ্ঠানত যশৱন্ত সিনহাই কয়, “যি দিনা মমতা বেনাৰ্জীৰ ওপৰত আক্ৰমন চলিছিল সেই দিনাই মই তৃণমূল কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত লৈছিলো”।
প্ৰাক্তণ কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে আৰু কয়, বৰ্তমান সময়ত গণতন্ত্ৰৰ হত্যা চলিছে দেশত। ২০২৪ ৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছে এক শক্তিশালী ভূমিকালৈ দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিব ।উল্লেখ্য যে যিসকল বিজেপি নেতাক নৰেন্দ্ৰ মোডী চৰকাৰ অহাৰ সময়ত দল আৰু চৰকাৰৰ পৰা একাশৰীয়া কৰিছিল তাৰ ভিতৰত যশোবন্ত সিনহাও অন্যতম আছিল ।