নিউজ ডেস্ক : অৱশেষত সামৰণি পৰিল তিনিখন কৃষি আইনক বিৰুদ্ধে যোৱা এটা বছৰ ধৰি চলাই অহা কৃষক আন্দোলনৰ। আন্দোলনৰ মূল মঞ্চ সংযুক্ত কৃষক মৰ্চাই আজি এই কথা ঘোষণা কৰে।

কেন্দ্ৰীয় চৰকাৰে আন্দোলনকাৰী কৃষকসকলৰ সকলো দাবী মানি লোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

প্ৰতিবাদী কৃষকসকলৰ দাবীসমূহ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বাক্ষৰিত এখন পত্ৰ লাভ কৰাৰ পিছতে সংযুক্ত কৃষক মৰ্চাই আন্দোলন উঠাই লোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। অৱশ্যে চৰকাৰে যদি তেওঁলোকৰ প্ৰতিশ্ৰুতি নাৰাখে তেন্তে পুনৰ আন্দোলন চলিব বুলি এগৰাকী কৃষক নেতাই উল্লেখ কৰে।

উক্ত ঘোষণাৰ পিছতে সিংঘু বৰ্ডাৰত থকা অস্থায়ী টেণ্টসমূহ আঁতৰাই আন্দোলনস্থলী খালী কৰি ঘৰমুখী যাত্ৰা আৰম্ভ কৰে কৃষকসকলে।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ পত্ৰত দিল্লী তথা আন কেন্দ্ৰীয়শাসিত অঞ্চলত কৃষক তথা কৃষক আন্দোলনৰ সমৰ্থকসকলৰ বিৰুদ্ধে থকা গোচৰসমূহ উঠাই ল’ব বুলি প্ৰতিশ্ৰুতি দিয়া বুলি এক সংবাদমেল সম্বোধন কৰি যোগেন্দ্ৰ যাদৱে কয়।

উল্লেখযোগ্য যে ২০২০ চনৰ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰে অনা তিনিখন কৃষি আইনৰ বিৰুদ্ধে বিগত বৰ্ষৰ নৱেম্বৰৰ পৰা ব্যাপক আন্দোলন আৰম্ভ হৈছিল। কৃষকসকলৰ আন্দোলনৰ ওচৰত হাৰ মানি অৱেশত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আইন তিনিখন বাতিল কৰা হ’ব বুলি ঘোষণা কৰে আৰু যোৱা ২৯ নৱেম্বৰত সংসদত উক্ত আইনকেইখন প্ৰত্যাহাৰৰ বিধেয়ক গৃহীত কৰা হয়।

লগতে পঢ়ক : আফ্স্পাৰ বাতিলৰ দাবীত টাইপাৰ প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,758 other subscribers

Leave a comment

Leave a Reply