নিউজ ডেস্ক : দিল্লীত পুনৰ বৃদ্ধি পাব ধৰিছে ক’ভিডৰ সংক্ৰমণ। বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে ৰাজধানী মহানগৰখনত য়েল্ল’ এলাৰ্ট (yellow alert) জাৰি কৰিছে। মঙলবাৰে মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল এই কথা ঘোষণা কৰে।
য়েল্ল’ এলাৰ্টৰ অধীনত দিল্লীত নৈশ সান্ধ্য আইন, বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ বন্ধ কৰা, অনা-অত্যাৱশ্যকীয় দোকানসমূহ যুগ্ম-অযুগ্ম ভিত্তিত খোলা ৰখা, মেট্ৰ’ ট্ৰেইন আৰু বাছসমূহৰ মুঠ আসনৰ আধা খালী ৰখা আদি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ক’ভিড পৰিস্থিতিক লৈ এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰি উঠি মুখ্য মন্ত্ৰী কেজৰিৱালে কয় যে দিল্লীত যোৱা কিছুদিনৰ পৰা ক’ভিডৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পাব ধৰিছে। অৱশ্যে আক্ৰান্ত হোৱা অধিক সংখ্যক লোকৰ লক্ষণসমূহ মৃদু বুলি উল্লেখ কৰি তেওঁ ভয় খোৱাৰ কোনো প্ৰয়োজন নাই বুলি কয়।
দিল্লী চৰকাৰে ক’ভিড সংক্ৰমণৰ ৰোধৰ উদ্দেশ্যে যুগুত কৰা Graded Response Action Plan (GRAP) -ৰ অধীনত উক্ত য়েল্ল’ এলাৰ্ট জাৰি কৰিছে। GRAP -ৰ অধীনত একেৰাহে দুদিনৰ বাবে ক’ভিড পজিটিভিটিৰ হাৰ ০.৫ শতাংশৰ ওপৰত থাকিলে য়েল্ল’ এলাৰ্ট জাৰি কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি কেজৰিৱালে জানিবলৈ দিয়ে।
য়েল্ল’ এলাৰ্টৰ অধীনত লাগু হ’ব লগীয়া নিষেধাজ্ঞাসমূহ পৰৱৰ্তী সময়ত ৰাজহুৱা কৰা হ’ব বুলি তেওঁ কয়। ইয়াৰ উপৰি সকলো মাস্ক পৰিধান কৰাৰ লগতে ভালদৰে ক’ভিড নিয়মাৱলী পালন কৰিবলৈ কেজৰিৱালে আহ্বান জনায়।
লগতে পঢ়ক – জাতিৰ পিতাক অশ্লীল ভাষাৰে অপমান কৰা হিন্দু ধৰ্মগুৰুৰ বিৰুদ্ধে গোচৰ ৰুজু