নিউজ ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ মমতা বেনাৰ্জীৰ ভাতৃৰ অসীম বেনাৰ্জীৰ ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।
অসীম বেনাৰ্জী বিগত এমাহ ধৰি ক’ভিড-১৯ত সংক্ৰমতি হৈ কলকাতাস্থিত মেডিকা ছুপাৰস্পেচিয়েলিটি হস্পিতালত চিকিৎসাধীন হৈ আছিল।
আৰু পঢ়কঃতিনিচুকীয়াত ১২ বজাৰ পৰা সান্ধ্য আইন ঘোষণা কৰাৰ বাবে পৰামৰ্শ মুখ্যমন্ত্ৰীৰ
অৱশেষত তেওঁ শনিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে। কলকাতাৰ কালিঘাটস্থিত একে আৱাসিক চৌহদতে মুখ্যমন্ত্ৰীৰ সৈতে বাস কৰিছিল সদ্যপ্ৰয়াত ভাতৃয়ে।
অসীম বেনাৰ্জীৰ অন্তিম সংস্কাৰ কোভিড প্ৰটকল অনুযায়ী কৰা হ’ব বুলি পৰিয়ালৰ লোকে জনাইছে।