boxing
প্ৰতিনিধিত্বমূলক ছবি

পোলেণ্ডৰ কিয়েলচত অনুষ্ঠিত হৈ থকা আইবা (AIBA) য়ুথ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ ৪ গৰাকী বক্সাৰে পদক নিশ্চিত কৰিছে।

প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত প্ৰৱেশ কৰা মহিলা বক্সাৰ কেইগৰাকী হৈছে ভিনকা, আলফিয়া পাঠান, গিতিকা আৰু পুনম।

আটাইকেইগৰাকী বক্সাৰে কুৱাটাৰ ফাইনেলত যথেষ্ট ভাল প্ৰদৰ্শন কৰে।

আৰু পঢ়কঃডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচন; এক ৰক্তাক্ত অধ্যায়ৰ পুনৰাবৃত্তি?

৬০ কেজি শাখাত পানিপটৰ ভিনকাই তেওঁৰ প্ৰতিপক্ষ ক’লম্বিয়াৰ কেমিলো কামেলাক ৫-০ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে ২০১৯ চনৰ জুনিয়ৰ এছিয়ান চেম্পিয়ন আলিফাই (৮১ কেজি) একেই ব্যৱধানত পৰাস্ত কৰে হাঙ্গেৰিয়াৰ বক্সাৰ ৰেকা হফমেনক।

৫৭ কেজি শাখাত পুনমে কাজাখষ্টানৰ নাজেৰক চেৰিকক ৫-০ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে।

আনহাতে ৪৮ কেজি শাখাত গিতিকাই অতি আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰি প্ৰথম ৰাউণ্ডতে তেওঁৰ প্ৰতিপক্ষ ৰোমানিয়াৰ এলিজাবেথ অ’ষ্টানক নক আউট কৰিবলৈ সক্ষম হয়।  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply