নিউজ ডেস্কঃ গৰ্ভপাত সম্বন্ধীয় ভিডিঅ’ক লৈ কঠোৰ হৈছে Youtube । Youtube এ গৰ্ভপাতৰ বিষয়ে ভূল তথ্য দিয়া ভিডিঅ’বোৰৰ বিষয়ে সতৰ্ক হোৱা দেখা গৈছে। Youtube এ কৈছে যে এই ভিডিঅ’ সমূহে সমাজত বিৰূপ প্ৰভাৱ পেলাইছে। চিকিৎসক সকলে এই সন্দৰ্ভত উদ্ধেগ প্ৰকাশ কৰিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Youtube এ বৃহস্পতিবাৰে কৈছিল যে ই চিকিৎসা প্ৰক্ৰিয়াৰ বিষয়ে ভুল তথ্যৰ ওপৰত কাম কৰাৰ সময়ত গৰ্ভপাতৰ বিষয়ে মিছা আৰু অসুৰক্ষিত দাবী থকা ভিডিঅ’বোৰ আঁতৰোৱা আৰম্ভ কৰিব। অহা কেইসপ্তাহমানৰ ভিতৰত গৰ্ভপাত সম্পৰ্কীয় বিভ্ৰান্তিকৰ ভিডিঅ’ সমূহ আঁতৰ কৰা হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে ৫০ বছৰীয়া পুৰণি গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ প্ৰত্যাহাৰ কৰাৰ পিছতেই ইউটিউবে এই সিদ্ধান্ত লয়।

Youtubeএ কৈছিল যে Youtube প্লেটফৰ্মৰ পৰা এনে সকলো ভিডিঅ’ আঁতৰ কৰিব, যাৰ ভিতৰত আছে অসুৰক্ষিত গৰ্ভপাত, ঘৰতে গৰ্ভপাতৰ নিৰ্দেশনা, আৰু গৰ্ভপাত সম্বন্ধীয় কিছুমান ভূল তথ্য দিয়া ভিডিঅ’। ইয়াৰ উপৰিও toxicologists সকলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা বিপদজনক ‘ডিআইৱাই’ গৰ্ভপাত পদ্ধতিৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰিছে।

উল্লেখ্য যে, মিচিচিপি, আলাবামা, দক্ষিণ ডাকোটা, টেক্সাছ, মিছৌৰী, ওকলাহোমা, আৰ্কানচাছ, পশ্চিম ভাৰ্জিনিয়া আৰু উইচকনচিনকে ধৰি কমেও নখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যই গৰ্ভপাত নিষিদ্ধ কৰিছে। কিছুদিনৰ ভিতৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন কেইবাখনো ৰাজ্যতো গৰ্ভপাত নিষিদ্ধ ঘোষণা কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply