নিউজ ডেস্কঃ জনপ্ৰিয় ইউটিউবাৰ গৌৰৱ তানেজাক গ্ৰেপ্তাৰ। নয়দাৰ মেট্ৰ’ ষ্টেচনৰ পৰা নয়দা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তানেজাক। কোভিড নিষেধাজ্ঞা উলংঘা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে গৌৰৱ তানেজাক।
সংবাদ সংস্থা এএনআইৰ মতে, গৌৰৱে তেওঁৰ ইনষ্টাগ্ৰাম পেজ যোগে তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ নয়দাৰ চেক্টৰ ৫১ মেট্ৰ’ ষ্টেচনৰ সন্মুখত অনুৰাগী সকলক জন্মদিনৰ কাৰ্যসূচীক অংশ আহ্বান জনাইছিল। তাৰ পিছত মেট্ৰ’ ষ্টেচনটোত শ শ লোক একত্ৰিত হৈছিল। জনসমাগমৰ ফলত পদপৃষ্টৰ দৰে পৰিস্থিতিও সৃষ্টি হৈছিল। ইয়াৰ পিছতেই গৌৰৱক প্ৰথমতে কোভিড নিষেধাজ্ঞা উলংঘা কৰাৰ অভিযোগত আৰু চৰকাৰী নিৰ্দেশ অমান্য কৰাৰ অভিযোগত নয়দা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
গৌৰৱ তানেজা ইউটিউবাৰৰ লগতে এগৰাকী পাইলট । ইউটিউবত তেওঁৰ ‘Flying Beast’ নামৰ ইউটিউব চেনেল আছে। ছ’চিয়েল মিডিয়াত যথেষ্ঠ জনপ্ৰিয় গৌৰৱৰ ইনষ্টাগ্ৰাম আৰু ইউটিউবত লাখ লাখ অনুৰাগী আছে।ইউটিউবত তেওঁক ৭.৫৮ মিলিয়ন লোকে অনুসৰণ কৰিছে।