নিউজ ডেস্কঃ নিজৰে এটা ভিডিঅ’ৰ কাৰণে এতিয়া বিপদত পৰিছে ভাৰতৰ জনপ্ৰিয় ইউটিউবাৰ ভূৱন বাম। ইউটিউবাৰ গৰাকীয়ে নিজৰ এটা ভিডিঅ’ত ‘পাহাৰী মহিলা’ৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ পাছত তেওঁক তীব্ৰ সমালোচনা কৰা হয়। ইফালে, ৰাষ্ট্ৰীয় মহিলা আয়োগেও এই ঘটনাটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মহিলা আয়োগে দিল্লী আৰক্ষীক এই সন্দৰ্ভত তদন্ত কৰিবলৈ দাবী জনায়।

উল্লেখ্য যে, ইউটিউব চেনেল ‘BB ki Vines’ নামে জনপ্ৰিয় ভূৱন বামকে যোৱা সপ্তাহত ‘অটোমেটিক গাড়ী’ শীৰ্ষক এটা ভিডিঅ’ আপলোড কৰিছিল। আৰু ভিডিঅ’টো প্ৰায় ১২ মিলিয়নৰো অধিক বাৰ চোৱা হৈছে ইউটিউবত। আনহাতে, ৰাষ্ট্ৰীয় মহিলা আয়োগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পাছত ভূৱন বামে ৰাজহুৱাভাৱে ক্ষমা বিচাৰে।

তেওঁ টুইটাৰত এই ভিডিঅ’টোৰ পৰা বিতৰ্কিত মন্তব্য কৰা অংশখিনি আঁতৰাই দিয়া বুলি উল্লেখ কৰি লিখিছে- ‘মই জানো যে মোৰ ভিডিঅ’টোৰ ফলত একাংশ লোকে কষ্ট পাইছে। মই এতিয়া সেইখিনি অংশ ইডিট কৰিছো। যিসকলে মোক জানে তেওঁলোকে এইটোও জানে যে মই মহিলাসকলক সন্মান কৰো। মই কোনো লোকক দুখ দিয়াৰ উদ্দেশ্যে এনে কৰা নাই। সকলোৱে মোক ক্ষমা কৰে যেন।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply