নিউজ ডেস্ক : দেশত কভিডৰ সংহাৰী ৰূপৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা। হাস্পতালত টেংকৰ পৰা অক্সিজেন নিৰ্গতহৈ মৃত্যু হৈছে কেইবাজনো লোকৰ। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে নাসিকত।

দেশৰ কেইবাখনো ৰাজ্যৰ লগতে মহাৰাষ্ট্ৰত কভিড মহামাৰীয়ে ভয়ংকৰ তাণ্ডৱ চলাই আছে। মহাৰাষ্ট্ৰত প্ৰতিদিনে হাজাৰ হাজাৰ লোক কভিডত আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে বহু লোক। চিকিৎসলায় সমূহত কভিড ৰোগীৰ বাবে নোহোৱা হৈছে ঠাই। ইয়াৰ সমান্তৰালে দেখা দিছে অক্সিজেনৰ নাটনি।

অক্সিজেনৰ নাটনিৰ মাজতে মহাৰাষ্ট্ৰৰ নাসিকত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নাসিকৰ জাকিৰ হুছেইন হাস্পতালত টেংকৰ পৰা অক্সিজেন নিৰ্গত হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় হাস্পতালখনত। অক্সিজেন নিৰ্গত হোৱা ঘটনাত ১১ জনকৈ ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

টেংকৰ পৰা অক্সিজেন নিৰ্গত হোৱাত আই চি ইউত অক্সিজেনৰ যোগান বন্ধ হৈ পৰে আৰু অক্সিজেনৰ অভাৱত ভেণ্টিলেটৰত থকা ৰোগীৰ মৃত্যু ঘটে। ঘটনা সংক্ৰান্তত প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত ৬২ হাজাৰ ৯৭ গৰাকী লোক কভিডত আক্রান্ত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply